নেশ্যনেল ডেস্ক, ২৬ জুলাই: কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কৃষকসকলৰ প্ৰতি কংগ্ৰেছে সদায় সমৰ্থন আগবঢ়াই আহিছে । এতিয়াও দিল্লীৰ সীমান্তত আৰু যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । কৃষি আইনৰ বিৰোধিতাৰে সোমবাৰে বৰ্ষাকালীন অধিৱেশনৰ (Monsoon Session) সময়ত সদনলৈ ট্ৰেক্টৰ চলাই যাত্ৰা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ট্ৰেক্টৰ চলাই সংসদত উপস্থিত হৈ তেওঁ কয় যে, কৃষকসকলৰ কণ্ঠস্বৰ দমন কৰা হৈছে ।
কৃষকে বিতৰ্কিত কৃষি আইন (Farm Law) নিবিচাৰে । কিন্তু চৰকাৰে তেওঁলোকৰ আহ্বানক গুৰুত্ব দিয়া নাই । আনহাতে, বিজেপি নেতাই সমালোচনা কৰি কয় যে ৰাহুল গান্ধীৰ এই কাম গণতান্ত্ৰিক মূল্যবোধ বিৰোধী । উল্লেখ্য যে, সোমবাৰে যন্তৰ মন্তৰত সদৌ কৃষক মহিলা সংসদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।
লগতে পঢ়ক-যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীক খাকী পোছাক পিন্ধাৰ নিৰ্দেশ