নেশ্যনেল ডেস্ক, ২ মাৰ্চ :ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষই (War between Russia and Ukraine) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ মাজতে বিভিন্ন দেশে নিজৰ স্থিতি স্পষ্ট কৰি ইউক্ৰেইনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে । ইফালে বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ ওপৰত । ভাৰতে কিন্তু এতিয়ালৈ স্পষ্টভাৱে স্থিতিৰ বিষয়ে অৱগত কৰা নাই যদিও ইউক্ৰেইনৰ ক্ষতিগ্ৰস্ত অঞ্চলবোৰলৈ ঔষধকে ধৰি বিভিন্ন সাহায্য প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে ।
বিভিন্ন দেশৰ প্ৰতিনিধিৰ সৈতেও ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ অব্যাহত আছে । মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ফোনত বাৰ্তালাপ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi hold talks with French President)। ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে তেওঁলোকে আলোচনা কৰে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি ইউক্ৰেইনৰ সংকট সম্পৰ্কে দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে । শত্ৰুতা শেষ কৰি কূটনৈতিক আলোচনালৈ অহাৰ বাবে ভাৰতে বাৰে বাৰে কৰা আহ্বানৰ কথাও ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।