নিউজ ডেস্ক, 10 মাৰ্চ : মণিপুৰৰ ৰাজনীতিৰ এক বিশেষ সময়ক প্ৰতিনিধিত্ব কৰা ৰাজনীতিক গৰাকীৰ নাম হ'ল অ'কৰাম ইববি সিং (Former Manipur CM Okram Ibobi Singh)। ২০০২ চনৰ পৰা ২০১৭ চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত থকা ইববি সিঙে ৰাজ্য খনৰ সংঘাতজৰ্জৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত বিশেষ ভূমিকা লৈছিল ৷ সেই বাবেই একেধাৰে তিনিটা শাসনকাল তেওঁৰ ওপৰত মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ ন্যস্ত হৈছিল । কিন্তু ২০১৭ চনত তেওঁৰে সতীৰ্থ এন বীৰেণ সিঙৰ নেতৃত্বত বিধানসভাৰ মজিয়াত সৃষ্টি হোৱা এক ৰাজনৈতিক সংঘাতৰ পৰিণতিত তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰি আহিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয় ।
উল্লেখ্য যে, অ’কৰাম ইববি সিং হ’ল মণিপুৰৰ একাদশতম মুখ্যমন্ত্ৰী । ১৯৪৮ চনৰ ১৯ জুনত আথকপাম মাকা লেইকাই গাঁৱত জন্মগ্ৰহণ কৰা অ’কৰাম ইববি সিঙৰ মাক আৰু দেউতাক ক্ৰমে লুকামনি দেৱী আৰু অ’কৰাম আংগিবি । এটা মেইটেই হিন্দু পৰিয়ালৰ সন্তান ইববিয়ে কলেজীয়া শিক্ষা গ্ৰহণ কৰে ইম্ফলৰ ডি এম কলেজৰ পৰা । তাৰপিছতে সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰা ইববিৰ নেতৃত্বত মণিপুৰৰ মজিয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাণ পাই উঠে ।
অতি লক্ষণীয়ভাৱে ২০০২ চনত মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ ইববিয়ে মণিপুৰৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ৰাজ্য খনৰ আন্তঃগাথঁনিৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়ে ।