অসম

assam

ETV Bharat / bharat

ED Director Sanjay Mishra Tenure : ইডিৰ সঞ্চালকৰ কাৰ্যকাল ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি ছুপ্ৰিম কোৰ্টৰ - ED directors term extends till September 15

ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে সাধাৰণ পৰিস্থিতিত ন্যায়ালয়ে ইডি সঞ্চালকক অব্যাহত ৰাখিবলৈ অনুমতি নিদিলেহেঁতেন । কিন্তু কেন্দ্ৰই 'বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ'ৰ বিষয়টো প্ৰক্ষেপ কৰিছে ।

ED Director Sanjay Mishra Tenure
ED Director Sanjay Mishra Tenure

By

Published : Jul 27, 2023, 5:56 PM IST

নিউজ ডেস্ক, ২৭ জুলাই: উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰক 'বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থত' ১৫ ছেপ্টেম্বৰলৈকে কাৰ্যকাল অব্যাহত ৰাখিবলৈ অনুমতি দিয়ে ।

ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে সাধাৰণ পৰিস্থিতিত ন্যায়ালয়ে ইডি সঞ্চালকক কাৰ্যকাল অব্যাহত ৰাখিবলৈ অনুমতি নিদিলেহেঁতেন । কিন্তু কেন্দ্ৰই 'বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থ'ৰ বিষয়টো প্ৰক্ষেপ কৰিছে । ন্যায়াধীশ বিক্ৰম নাথ আৰু সঞ্জয় কাৰোলক লৈ গঠিত বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে মিশ্ৰৰ কাৰ্যকাল সম্প্ৰসাৰণ বিচৰা আৰু কোনো আবেদন গ্ৰহণ কৰা নহ'ব ।

শুনানিৰ সময়ত ন্যায়াধীশ গাভায়ে কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সোধে, আমাক এনে এখন ছবি দেখুওৱা হৈছে নেকি যে আপোনাৰ প্ৰৱৰ্তন সঞ্চালকালয় বিভাগ অক্ষম ব্যক্তিৰে পৰিপূৰ্ণ আৰু দেশত কেৱল এজনেই দক্ষ ব্যক্তি আছে, যি ইডিৰ মুৰব্বী হ'বলৈ যথেষ্ট সক্ষম; ই সমগ্ৰ বাহিনীটোৰ মনোবল হ্ৰাস কৰা নাইনে ?

ন্যায়াধীশ গাভায়ে মৌখিকভাৱে মন্তব্য কৰে যে যদি তেওঁ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল অব্যাহত ৰাখিব নোৱাৰে তেন্তে উচ্চতম ন্যায়ালয়ৰ পতন হ'ব নেকি ? উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ে প্ৰৱৰ্তন সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল বৃদ্ধি কৰাৰ অনুমতি বিচাৰি কৰা কেন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰে । আদালতে ইতিমধ্যে তেওঁৰ কাৰ্যকাল ৩১ জুলাইলৈকে সম্প্ৰসাৰণ কৰিছিল । বৰ্তমান সেই কাৰ্যকাল চলিত বৰ্ষৰ ১৫ অক্টোবৰলৈকে সম্প্ৰসাৰণ কৰা হৈছে ।

আনহাতে, মেহতাই কয় যে এক গুৰুত্বপূৰ্ণ পৰ্যায়ত থকা চলিত ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চ (এফএটিএফ) সমীক্ষাৰ পৰিপ্ৰেক্ষিতত কাৰ্যালয়ৰ ধাৰাবাহিকতাই দেশক সহায় কৰিবৰ বাবে মিশ্ৰৰ কাৰ্যকাল বৃদ্ধিৰ আবেদন জনোৱা হৈছে । কিয়নো এই পদত নতুন কোনোবাই দায়িত্ব গ্ৰহণ কৰিলে কামৰ মসৃণ গতিত বাধাৰ সৃষ্টি হ'ব পাৰে । মেহতাই কয় যে এই পৰ্যালোচনাই আন্তৰ্জাতিক ঋণৰ বাবে দেশৰ যোগ্যতা নিৰ্ণয় কৰিব আৰু এয়া কাকতালীয় যে আদালতৰ ৰায় আহিছে আৰু সহকৰ্মীৰ পৰ্যালোচনা চলি আছে ।

ABOUT THE AUTHOR

...view details