নিউজ ডেস্ক, ২৪: মঙলবাৰে বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ কয় যে ভাৰতত কোনো মাটিত আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, নিজৰ ভূমি ৰক্ষাৰ বাবেহে অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয় ।
"বিজয়া দশমীৰ দিনাও 'অস্ত্ৰ পূজা'ৰ পৰম্পৰা আছে । ভাৰতৰ মাটিত অস্ত্ৰ-শস্ত্ৰৰ পূজা কোনো মাটিত আধিপত্য বিস্তাৰ কৰিবলৈ নহয়, নিজৰ ভূমি ৰক্ষাৰ বাবেহে কৰা হয় । আমাৰ শক্তি পূজা কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ কল্যাণৰ বাবে ।" দেশৰ ৰাজধানী দিল্লীৰ দশম খণ্ডৰ ডিডিএ খেলপথাৰত অনুষ্ঠিত হোৱা দ্বাৰকা শ্ৰীৰাম লীলা ছ'চাইটিৰ জনসভাত ভাষণ দি এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।
চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চন্দ্ৰ অভিযানৰ প্ৰায় দুমাহৰ অন্তত দেশত দশেৰা উৎসৱ উদযাপন কৰা হৈছে । মহাকাশলৈ ৪০ দিনীয়া যাত্ৰাৰ অন্তত ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰে ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা ভাৰত বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিগণিত হয় ।