অসম

assam

ETV Bharat / bharat

মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ 3 টা প্ৰস্তাৱ

কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিক সমালোচনা কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ ৷ ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ দ্বিতীয়বাৰ পৰাজয়ৰ পিছত ৰাহুল গান্ধীয়ে দলৰ সভাপতি পদ ত্যাগ কৰাৰ পিছত দলটোৰ নেতৃত্ব দি থকা ছোনিয়া গান্ধীয়ে মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছে ।

In all 3 resolutions, Congress targets economic policies of Modi govt
মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ 3 টা প্ৰস্তাৱ

By

Published : Oct 17, 2021, 10:09 AM IST

নিউজ ডেস্ক, 17 অক্টোবৰ : কৰ’ণা মহামাৰীৰ পাছত শনিবাৰে প্ৰথমবাৰলৈ কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত সকলোৰে উপস্থিতিত অনুষ্ঠিত হয় দলটোৰ কাৰ্যকৰী কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত দলটোৰ নেতৃবৃন্দই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ অৰ্থনৈতিক নীতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা প্ৰস্তাৱ গৃহীত কৰে ।

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে পেট্ৰ'ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধি, পিএছইউৰ ব্যক্তিগতকৰণ আৰু কৃষক আন্দোলনৰ বাবে চৰকাৰক কঠোৰ সমালোচনা কৰে ৷

কংগ্ৰেছৰ কাৰ্যকৰী কমিটিয়ে দেশৰ বিত্তীয় পৰিস্থিতিৰ ভয়াৱহতাৰ সন্দৰ্ভত আলোচনা কৰি পেট্ৰ'ল-ডিজেলৰ ওপৰত অত্যাধিক কৰ আৰোপেৰে ৰাজহ সংগ্ৰহ কৰি দেশ চলোৱাত মোডী চৰকাৰৰ কোনো সংকোচ নাই বুলি প্ৰস্তাৱত উল্লেখ কৰে ৷ কমিটিয়ে দেশৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁলোকে লগতে মোডী চৰকাৰে বিগত বিত্তীয় বৰ্ষৰ ১২ লাখ কোটি টকাৰ ঋণ পৰিশোধৰ বাবে ৰাজহ বৃদ্ধিৰ কোনো সুযোগ এৰি দিবলৈ ইচ্ছুক নহয় বুলি মন্তব্য কৰে । কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ৰাজহুৱা সম্পত্তিৰ মুদ্ৰাকৰণৰ বাবেও মোডী চৰকাৰক সমালোচনা কৰে । বৰ্তমানৰ চৰকাৰখনে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে দেশত দশকজুৰি বহু পৰিশ্ৰমেৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় সম্পত্তি বিক্ৰী কৰাটো লক্ষ্য কৰি লৈছে বুলি উল্লেখ কৰে ।

অধ্যক্ষাগৰাকীয়ে লগতে কয় যে, চৰকাৰে চলিত বিত্তীয় বৰ্ষত পি এছ ইউৰ বিনিয়োগৰ পৰা ১.৭৫ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু শেহতীয়াকৈ লোকচানত থকা এয়াৰ ইণ্ডিয়াক টাটা গ্ৰুপক বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে ।

বৈঠকত কমিটিয়ে মোডী চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধেও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ ভাৰতৰ কৃষকসকলৰ ওপৰত তীব্ৰ কৃষি সংকট আৰু পৈশাচিক আক্ৰমণ শীৰ্ষক প্ৰস্তাৱত কংগ্ৰেছ দলে কয় যে মোডী চৰকাৰে বিগত সাত বছৰত 'ভাৰতৰ কৃষক আৰু ভূমিহীন খেতিয়কসকলৰ জীৱিকাৰ ওপৰত আক্ৰমণ' দেখা গৈছে ।

লগতে পঢ়ক :প্ৰিয়ংকা গান্ধীৰ সামৰ্থক লৈ ভয় খাই ৰাহুল গান্ধীয়ে : প্ৰশান্ত কিশোৰ

ABOUT THE AUTHOR

...view details