অসম

assam

ETV Bharat / bharat

মিজোৰামত সশস্ত্ৰ বাহিনীৰ ফ্লেগ দিৱস উদযাপন - মুখ্যমন্ত্ৰী জোৰামথংগা

মিজোৰামত উদযাপন কৰা হয় সশস্ত্ৰ বাহিনীৰ ফ্লেগ দিৱস ৷ দেশৰ সুৰক্ষা বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলক সন্মান জনোৱাৰ বাবে 1949 চনৰ 7 ডিচেম্বৰৰ পৰা পালন কৰা হৈছে এই দিৱস ৷ সোমবাৰে আইজলস্থিত জিলা সৈনিক কল্যাণ আৰু পুনৰ সংস্থাপন কাৰ্যালয়ত পালন কৰা সশস্ত্ৰ বাহিনীৰ ফ্লেগ দিৱস ৷

In Aizawl, Armed Forces Flag Day is observed, felicitating 28 WW-II veterans
মিজোৰামত সশস্ত্ৰ বাহিনীৰ ফ্লেগ দিৱস উদযাপন

By

Published : Dec 7, 2020, 9:40 PM IST

মিজোৰাম,7 ডিচেম্বৰ: সোমবাৰে মিজোৰামত উদযাপন কৰা হ'ল সশস্ত্ৰ বাহিনীৰ ফ্লেগ দিৱস ৷ 1949 চনৰ 7 ডিচেম্বৰৰ পৰা পালন কৰা হৈছে এই দিৱস ৷ আমাৰ দেশৰ সুৰক্ষা লগতে আমাৰ জীৱনৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকসকলক এই দিনটোতে সন্মান জনোৱা হয় ৷ পূৰ্বৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে ভাৰত চৰকাৰে 1949 চনৰ 28 আগষ্ট তাৰিখে সশস্ত্ৰ বাহিনী ফ্লেগ দিৱসৰ লগতে এটি বৃত্তীয় কোষ গঠন কৰিছিল ৷

মিজোৰামত সশস্ত্ৰ বাহিনীৰ ফ্লেগ দিৱস উদযাপন

আইজলস্থিত জিলা সৈনিক কল্যাণ আৰু পুনৰ সংস্থাপন কাৰ্যালয়ত পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি দ্বিতীয় বিশ্ব যুদ্ধত যুঁজ দিয়া 28 গৰাকী সৈনিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে 90 বছৰীয়া সৈনিক লালনুন্টলুয়াঙ্গা আৰু মেজৰ ৰেবেকা ছাকছুকক সম্বৰ্ধনা জ্ঞাপন কৰে। COVID-19 ৰ ভয়াবহতাৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এই দিৱসত মিজোৰামৰ ৰাজ্যপাল পি এছ শ্ৰেধাৰণ পিলাই, মুখ্যমন্ত্ৰী জোৰামথংগাই বিভিন্ন প্ৰকাৰৰ বৰঙণি আগবঢ়াই ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

ABOUT THE AUTHOR

...view details