নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: পোন প্ৰথমবাৰৰ বাবে মধ্য প্ৰদেশৰ বান্দা জিলাত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ জৈন মন্দিৰ নিৰ্মাণ কৰা হ'ব । বান্দা জিলাৰ টিকামগড় জিলা সদৰৰ পৰা ৪৫ কিল’মিটাৰ নিলগত নিৰ্মাণ কৰা হ'ব ৰূপৰ জৈন মন্দিৰটো । পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে । জয়ছালমেৰৰ পৰা হালধীয়া ৰঙৰ মাৰ্বল, সোণ ক্ৰয় কৰি আনি মন্দিৰটোৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ'ব ।
লক্ষণীয় বিষয় যে, এই মন্দিৰটোত ২৫ ইঞ্চি উচ্চতাৰে ২৪ জন তীৰ্থযাত্ৰীৰ মূৰ্তি স্থাপন কৰা হ'ব । এই মূৰ্তি সমূহৰ বজাৰ মূল্য হ'ব প্ৰায় ১.৩২ কোটি টকা । আহমেদাবাদৰ স্থাপত্যৰ আৰ্হিৰে মন্দিৰটো নিৰ্মাণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে মন্দিৰ সমিতিৰ সদস্য প্ৰদীপ জৈনে ।