অসম

assam

ETV Bharat / bharat

Telangana Election 2023 : তেলেংগানাৰ ১১৯ সমষ্টিত ঘৰে ঘৰে প্ৰচাৰ কংগ্ৰেছৰ - Congress Working Committee

দলৰ ৰণনীতিবিদসকলৰ মতে, দেওবাৰৰ বিশাল সমদলত সৃষ্টি হোৱা ঢৌ ত্বৰান্বিত কৰিবলৈ আৰু ছোনিয়া গান্ধীৰ ছয়টা প্ৰতিশ্ৰুতি তৃণমূলৰ ভোটাৰসকলক দিয়াৰ বাবে বিশেষ ঘৰে ঘৰে অভিযানৰ পৰিকল্পনা কৰা হৈছিল ।

Telangana Election 2023
Telangana Election 2023

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:03 PM IST

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : তেলেংগানাকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত । চলিত বৰ্ষৰ ডিচেম্বৰ মাহত এই ৰাজ্যকেইখনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । আনহাতে, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক হায়দৰাবাদত অনুষ্ঠিত কৰি তেলেংগানাত এক প্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজাইছে কংগ্ৰেছে । দেওবাৰৰ এই বৈঠকত ৰাজ্যখনত নিৰ্বাচনী ৰণনীতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তাৰেই অংশ হিচাপে প্ৰথমটো প্ৰচাৰত সোমবাৰে সমগ্ৰ দেশৰ পৰা প্ৰায় ১১৯ জন জ্যেষ্ঠ কংগ্ৰেছ নেতাই নিৰ্বাচনমুখী তেলেংগানাৰ ১১৯ টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে ঘৰে ঘৰে ভোটাৰ সংযোগ অভিযান চলায় । দেওবাৰে হায়দৰাবাদৰ ওচৰত দলটোৰ বিশাল সমদলৰ এদিন পিছতে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

ইয়াত বৰ্তমানৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্যসহ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে । আনহাতে, দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীয়ে ভোটাৰসকলৰ বাবে ছয়টা গেৰাণ্টিও ঘোষণা কৰে ।

দলৰ ৰণনীতিবিদসকলৰ মতে, দেওবাৰৰ বিশাল সমদলত সৃষ্টি হোৱা ঢৌ ত্বৰান্বিত কৰিবলৈ আৰু ছোনিয়া গান্ধীৰ ছয়টা প্ৰতিশ্ৰুতি তৃণমূলৰ ভোটাৰসকলৰ ওচৰলৈ লৈ যোৱাৰ বাবে বিশেষ ঘৰে ঘৰে অভিযানৰ পৰিকল্পনা কৰা হৈছিল । মহিলা, যুৱ, অনুসূচিত জাতি/জনজাতি আৰু কৃষকৰ দৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ কথা মনত ৰাখি এই ছয়টা প্ৰতিশ্ৰুতি সতৰ্কতাৰে প্ৰস্তুত কৰা হৈছে । এই আৰ্হিটো শেহতীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনত দেশৰ সবাতোকৈ পুৰণি দলটোৱে গ্ৰহণ কৰি লাভ কৰা সফলতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰহণ কৰা হৈছে ।

তেলেংগানাৰ এই অভিযানত বিশেষ প্ৰচাৰকসকলৰ ভিতৰত আছিল ৱাৰাংগল পশ্চিমত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্ছিদ, ৰাজেন্দ্ৰ নগৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱন, নামপল্লীত ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, বিকাৰাবাদত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মুৰব্বী পৱন খেড়া, জাংগোৱানত এআইচিচিৰ ছচিয়েল মিডিয়া মুৰব্বী সুপ্ৰিয়া শিৰনেট, মুলুগুত গুজৰাট গোটৰ প্ৰাক্তন মুৰব্বী জগদীশ থকোৰ্নেট ।

আনহাতে, ঝাৰখণ্ডৰ এআইচিচি দায়িত্বপ্ৰাপ্ত অবিনাশ খাম্মাম, ৰামাগুণ্ডামত চিডব্লিউচি সদস্য অলকা লাম্বা, মহেশ্বৰমত চিডব্লিউচি সদস্য দীপা দাস মুন্সি, ষ্টেচন ঘানপুৰত গোৱা গোটৰ প্ৰাক্তন মুৰব্বী গিৰীশ চোদংকাৰ, আৰমুৰত বিহাৰ গোটৰ প্ৰাক্তন মুৰব্বী এম এম ঝা, মঞ্চেৰিয়ালত ত্ৰিপুৰা গোটৰ প্ৰাক্তন মুৰব্বী সুদীপ ৰয় বৰ্মন । ইয়াৰ উপৰি পঞ্জাব গোটৰ মুৰব্বী অমৰিন্দৰ ৰাজা ব্ৰাৰ ছিদ্দিপেটত, গুজৰাটৰ চিএলপি নেতা অমিত চাৱড়া পাটানচেৰুত, কে চি জৰ্জ ছেকেন্দ্ৰাবাদ আদি নেতাসকলে এই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Lok Sabha Election 2024 : আমি সদায় নিৰ্বাচনৰ বাবে সাজু আছোঁ; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details