নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী: ভাৰতত প্ৰথমবাৰৰ বাবে সন্ধান হোৱা গৈছে বৃহৎ লিথিয়াম ভাণ্ডাৰৰ (First lithium deposit found in India) ৷ জম্মু-কাশ্মীৰত পোৱা গৈছে 5.9 নিযুত টন লিথিয়াম ভাণ্ডাৰ ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে এই তথ্য ৷ লিথিয়াম হৈছে এক অ-লৌহ ধাতু আৰু ইভি বেটাৰিৰ (EV battery) এক মুখ্য উপাদান ।
কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে, ভাৰতীয় ভূতাত্ত্বিক জৰীপে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ (Reasi district of Jammu and Kashmir) চালাল-হাইমানা অঞ্চলত 5.9 নিযুত টনলিথিয়ামৰ সন্ধান লাভ কৰিছে (Lithium deposit in Jammu Kashmir) ৷ আনহাতে, লিথিয়াম আৰু সোণকে ধৰি 51 টা খনিজ খণ্ড সংশ্লিষ্ট ৰাজ্য চৰকাৰক হস্তান্তৰ কৰা হৈছে । এই 51 টা খনিজ খণ্ডৰ ভিতৰত 5 টা খণ্ড সোণ আৰু অন্যান্য খণ্ড যেনে পটাছ, মলিবডেনাম আদি দেশৰ 11খন ৰাজ্য জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্য প্ৰদেশ, ওডিশা, ৰাজস্থান, তামিলনাডু আৰু তেলেংগানা আদিত সম্প্ৰসাৰিত হৈ আছে ৷
2018-19 বৰ্ষৰ পৰা বৰ্তমানলৈকে ভাৰতীয় ভূতাত্ত্বিক জৰীপে (Geological Survey of India) চলোৱা অনুসন্ধানৰ ওপৰত ভিত্তি কৰি এই খণ্ডসমূহ নিৰ্ধাৰণ কৰা হৈছে ৷ ইয়াৰ উপৰিও, মুঠ 7897 নিযুত টন কয়লা আৰু লিগ্নাইটৰ 17খন প্ৰতিবেদন কয়লা মন্ত্ৰালয়ক হস্তান্তৰ কৰা হৈছে ৷ 2023-24 বৰ্ষত জিএছআইয়ে 12 টা সামুদ্ৰিক খনিজ অনুসন্ধান প্ৰকল্পকে ধৰি 318 টা খনিজ অন্বেষণ প্ৰকল্পৰে গঠিত 966 টা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷