নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ :কিছুদিন পূৰ্বে কাশীলৈ আহিছিল ফ্ৰান্সৰ নাগৰিক মাইকেল । কাৰণ তেওঁ কাশীতে মোক্ষ লাভ কৰিব বিচাৰিছিল । তথ্য অনুসৰি, তিনিদিন পূৰ্বে মৃত্যু হয় এইগৰাকী ফ্ৰান্সৰ নাগৰিক মাইকেলৰ । তেওঁৰ মৃতদেহ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ ট্ৰমা চেণ্টাৰৰ মৰ্চাৰীত ৰখা হৈছে ।
শনিবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুপৰীয়া প্ৰায় 2 বজাত মৃতদেহটো হৰিশচন্দ্ৰ ঘাটলৈ অনা হয় । ইয়াতে তেওঁক সৎকাৰ কৰা হয় । বাৰাণসীৰ উপায়ুক্ত কৌশল ৰাজ শৰ্মাই এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে যিমান ধনৰ প্ৰয়োজন, তেওঁ সকলো খৰচ বহন কৰিছে বুলি জানিব পৰা গৈছে । কাশীত এইটোৱেই প্ৰথম ঘটনা, যি হিন্দু ৰীতি-নীতি আৰু পৰম্পৰাৰে ফৰাচী নাগৰিকৰ শেষকৃত্য কৰা হৈছে ৷
কথিত আছে যে, কাশীত মোক্ষ লাভ কৰাটো সহজ নহয় । ইয়াত থাকিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয় । মাইকেলো ব্যতিক্ৰম নহয় ৷ বহুত কষ্টৰ অন্তত তেওঁ থাকিবলৈ এটা কোঠা পালে । জীৱনৰ শেষৰ কেইটামান দিন ভালদৰেই পাৰ কৰিছিল কাশীত ৷ মৃত্যুৰ পূৰ্বে তেওঁ প্ৰায় 20 দিন কাশীত কটাবলৈ পাৰিছিল ।
মাইকেল এটা অতিথিশালাত অচেতন হৈ পৰিছিল :
অসুস্থতাৰ কথা গম পাই মাইকেলে কাশীলৈ অহাৰ সিদ্ধান্ত লৈছিল । তেওঁ কাশীত মোক্ষ বিচাৰিছিল । মাইকেলে কৈছিল যে তেওঁ অধ্যয়ন কৰি জানিব পাৰিছিল যে ‘‘কাশীত মৃত্যু হ’লে স্বৰ্গলৈ গতি কৰিব পাৰি’’ । সেয়ে তেওঁ পৰিয়াল এৰি বাৰাণসীলৈ আহে ।
অৱশ্যে মাইকেল বিবাহিত পুৰুষ নাছিল । মাইকেল যেতিয়া বাৰাণসীলৈ আহিছিল, তেতিয়া তেওঁ থাকিবলৈ ঠাই বিচাৰি পোৱা নাছিল । যিহেতু মাইকেল বিদেশী নাগৰিক আছিল, সেয়েহে মুমুক্ষু ভৱনত থাকিবলৈ ঠাই নাপালে । ইয়াৰ পিচত মাইকেলে দুঃখিত হৈ অতিথিশালাত থাকিবলৈ ধৰিলে । প্ৰায় ১০ দিনৰ পাচত আৰু অধিক অসুস্থ হৈ পৰে মাইকেল ৷ তাৰ পাচত তেওঁ এদিন কোঠাটোৰ ভিতৰতে অচেতন হৈ পৰে।