নিউজ ডেস্ক, 2 নৱেম্বৰ : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে অহা 18 নৱেম্বৰত উদ্বোধন কৰিবচীন-পাকিস্তান অৰ্থনৈতিক দুৱাৰমুখ (CPEC)ৰঅধীনত নিৰ্মাণ হোৱা এক মেগা প্ৰকল্প ৷ চিপেক চিটী হিচাপে জনাজাত এইখন চহৰ পাকিস্তানৰ খাইবাৰ পাখটুনৱাত নিৰ্মাণ কৰা হৈছে ৷
দেওবাৰে এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেজ খাট্টাকে ৷ খাইবাৰ পাখটুনৱাৰ ৰাছাকাইত নিৰ্মাণ কৰা হৈছে এই বিশেষ প্ৰকল্পটো ৷ এই প্ৰকল্পৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই যদিও 18 নৱেম্বৰত ইয়াৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷পাকিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, এই প্ৰকল্পৰ ভিতৰত বহুটো উদ্যোগিক খণ্ড থাকিব ৷ নৌশেৰা আৰু খাইবাৰ পাখটুনৱা জিলাৰ লগতে ইয়াৰ আশে-পাশে বাস কৰা বহুটো লোকে ইয়াত কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও চিপেক চিটিত শিক্ষা প্ৰতিষ্ঠান, উদ্যোগিক প্ৰতিষ্ঠান, ৰাজহুৱা গৃহ, গল্ফ খেলপথাৰ, থিম পাৰ্ক আৰু ক্ৰীড়া প্ৰকল্পও থাকিব ৷