নেশ্যনেল ডেস্ক,১০ মে' :প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰৰ পাছতে অস্থিৰ হৈ পৰিছে পাকিস্তান (Imran Khan arrested)। বহু স্থানত ইমৰাণ খানৰ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে । অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে । চৰকাৰী সম্পত্তিও ধ্বংস কৰিছে দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ইমৰাণ খানৰ সমৰ্থকে । সমৰ্থকসকলে মঙলবাৰে ৰাৱালপিণ্ডিৰ গেৰিছন চহৰত থকা পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় আৰু লাহোৰত থকা কৰ্পছ কমাণ্ডাৰৰ বাসগৃহত আক্ৰমণ কৰে ।
ইছলামাবাদ উচ্চ ন্যায়ালয়ত বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে লাহোৰৰ পৰা ফেডাৰেল ৰাজধানী ইছলামাবাদলৈ ভ্ৰমণ কৰাৰ সময়তে খানক ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি অধিবক্তা আৰু খানৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ কৰি ৰেঞ্জাৰসকলে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰে । একাধিক গ্ৰাফ্ট গোচৰত অভিযুক্ত ইমৰাণ খানক আদালতৰ পৰা টানি লৈ যোৱা হৈছিল ।
৭০ বছৰীয়া পাকিস্তান তেহৰিক-ই-ইনচাফৰ অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰাৰ এদিন পাছতে সেনাই তেওঁক গুপ্তচৰ আই এছ আইৰ এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি কৈছিল । ইফালে পাকিস্তানৰ মুখ্য চহৰবোৰত খানৰ সমৰ্থকসকলে হিংসাত্মক প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে । কেইবা ঠাইতো প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে আৰু আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে ৰাজহুৱা সম্পত্তি ধ্বংস কৰে ।
উল্লেখ্য যে আভ্যন্তৰীণ মন্ত্ৰালয়ৰ অধীনত কাম কৰা ৰেঞ্জাৰসকলক সাধাৰণতে সেনাৰ বিষয়াসকলে নিৰ্দেশ দিয়ে । যাৰবাবে সেনাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ইমৰাণ খানৰ সমৰ্থকসকল । উত্তেজিত সমৰ্থকসকলে প্ৰথমে ৰাৱালপিণ্ডিত থকা সেনাৰ বিশাল মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কাৰ্যালয়টোৰ মুখ্য দুৱাৰখনো ভাঙি পেলায় (Protesters stormed in Pak Army Headquarters)। প্ৰতিবাদকাৰীসকলে সেনাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়াও দেখা গৈছে ।