অসম

assam

ভাৰত পাকিস্তানৰ সম্পৰ্কৰ ওপৰত ইমৰান খানৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Apr 2, 2021, 11:05 AM IST

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শুকুৰবাৰে কেবিনেট মন্ত্ৰী সকলৰ লগত চুবুৰীয়া ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্কৰ ওপৰত এখন গুৰুত্বপূৰ্ণ বৈঠক সম্বোধন কৰিব ৷

Imran Khan to chair key meeting on Pak-India relations today
পাক-ভাৰত সম্পৰ্কৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক ইমৰান খানৰ

নেছনেল ডেক্স, 2 এপ্ৰিল: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শুকুৰবাৰে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক সম্বোধন কৰিব, লক্ষনীয় ভাৱে এই বৈঠক খনে ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্কৰ স্তৰ নিৰ্ধাৰণ কৰিব ।

"ইমৰান খানে কাইলৈ পাক্-ভাৰত সম্পৰ্কৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক সম্বোধন কৰিব । বৈঠকত আভ্যন্তৰীণ, বৈদেশিক পৰিক্ৰমা, পৰিকল্পনা আৰু মানৱ অধিকাৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। বৈঠকখনে ভাৰতৰ সৈতে দেশৰ সম্পৰ্কৰ স্তৰ নিৰ্ধাৰণ কৰিব," পাকিস্তানৰ এগৰাকী সাংবাদিকে টুইট যোগে এইদৰে মন্তব্য় কৰে।

আন এটা টুইটত পাকিস্তানী সাংবাদিকজনে কয় যে, "উচ্চ পৰ্যায়ৰ বৈঠক খনতে একেটা বিষয়তে এখন উপ সমিতিৰ সৃষ্টিৰ কথাও চিন্তা-চৰ্চা কৰা হ’ব আৰু ভাৰতৰ সৈতে পাকিস্তানে বাণিজ্য আৰম্ভ কৰিব লাগিব নে নাই সেই বিষয়েও আলোচনা কৰা হ'ব।

উল্লেখযোগ্য় যে, ভূমি আৰু সাগৰীয় পথৰ জৰিয়তে ভাৰতৰ পৰা চেনী, কপাহ আৰু কপাহৰ সূতা আমদানিৰ অনুমতি দিবলৈ অৰ্থনৈতিক সমন্বয় সমিতিয়ে গ্ৰহণ কৰা সিদ্ধান্তত বৃহস্পতিবাৰে পাকিস্তানৰ ফেডাৰেল কেবিনেটে গুৰুত্ব প্ৰদান কৰাৰ পিছত এই বিষয়টো পোহৰলৈ আহে।

লগতে পঢ়ক:আফগানিস্তানত শান্তি প্ৰক্ৰিয়া: এছ জয়শংকৰ-আশ্ৰৰফ ঘানিৰ আলোচনা

ABOUT THE AUTHOR

...view details