আগৰতলা, 16 মাৰ্চ:ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ বিজিবিৰ মাজৰ সম্পৰ্ক বিগত সময়ছোৱাত বহুখিনি উন্নত হৈছে ৷ ইয়াৰ উপৰিও কিছু নিৰ্বাচিত অংশত ফেঞ্চিঙৰ ব্যৱস্থা কৰাৰ বাবে দীৰ্ঘ সময় ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যাৰো এক সৌহাৰ্যপূৰ্ণ সমাধান পৰিলক্ষিত হৈছে ৷ এই মন্তব্য বিএচএফৰ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ আইজি সুশান্ত কুমাৰ নাথৰ ৷
সোমবাৰে ত্ৰিপুৰাৰ বেল’নিয়াত বিএচএফ আৰু বিজিবিৰ মাজৰ মৈত্ৰী ফুটবল ৰেলীৰৱ শুভাৰম্ভ কৰি সাংবাদিকৰে হোৱা মত বিনিময় কৰে আইজি সুশান্ত কুমাৰ নাথে ৷ তেওঁ কয় যে, 15 ঠাইত এনে উন্মুক্ত সীমান্ত আছে য’ত ফেঞ্চিং লগোৱাৰ বাবে বিজিবিৰ সন্মতিৰ প্ৰয়োজন বিএচএফক ৷ ইতিমধ্যে বিজিপি তিনি ঠাইৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ বিজিবিয়ে অতি শীঘ্ৰে বাকী থকা ঠাইখিনিৰ বাবে অনুমতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সুশান্ত কুমাৰ নাথে ৷
সুশান্ত কুমাৰ নাথে জনোৱা অনুসৰি, ভাৰত-বাংলা সীমান্তত প্ৰায় 40 কিলোমিটাৰ অঞ্চলত কোনোধৰণৰ ফেঞ্চিঙৰ ব্যৱস্থা নাই ৷ এই ফেঞ্চিং সমূহ আন্তৰ্জাতিক সীমান্তৰ পৰা 150 কিলোমিটাৰ আঁতৰত স্থাপন কৰা হৈছে যাতে সেই অঞ্চলত বিজিবিৰ কোনো ভূমিকা নাথাকে ৷ ইয়াৰ উপৰিও 15 টাকৈ বিভিন্ন ঠাইত মুঠ 14 কিলোমিটা চিংগেল ৰ’ ফেঞ্চিঙৰ প্ৰয়োজনীয়তা থকাৰ কথাও সদৰি কৰে ৷