তেজপুৰ, 18 ফেব্ৰুৱাৰী: অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ ৷ অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ দাবী আৰু লোকসেৱা আয়োগৰ নতুন সমিতিৰ শপত গ্ৰহণৰ বিৰোধিতা কৰি কৰা প্ৰতিবাদৰ ফলত পাহাৰীয়া ৰাজ্যখনত স্তব্দ হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা (Protest against APPSC paper leak) ৷ সম্প্ৰতি অৰুণাচলত বাহাল ৰখাা হৈছে 144 ধাৰা ৷ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা (Internet banned in Arunachal) ৷
উল্লেখ্য যে, শুকুৰবাৰে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নফাদিল সন্দৰ্ভত বন্ধ ঘোষণা কৰি ইটানগৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই ৷ কিন্তু সেই প্ৰতিবাদে ল’লে ভয়ংকৰ ৰূপ ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ ফলত আহত হৈছিল মুঠ 10 গৰাকীকৈ লোক ৷ হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাচতেই শুকুবাৰে বিয়লিৰ পৰা অৰুণাচলত কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা ৷ 17 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা (Section 144 imposed in Arunachal) ৷
ইফালে, অৰুণাচলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বাতিল কৰিব লগা হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দুদিনীয়া অৰুণাচল ভ্ৰমণ কাৰ্যসূচী (President Arunachal visit postponed) ৷ 20 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰ বাবে অৰুণাচলৈ অহাৰ কথা আছিল ৰাষ্ট্ৰপতিগৰাকী ৷