অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলৱত্‍ কৰক : কৈলাশ বিজয়ভাৰ্গিয়া - ই টি ভি

বিজেপিৰ জ্যেষ্ঠ নেতা কৈলাশ বিজয়ভাৰ্গিয়াই মন্তব্য কৰে যে, পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলৱত্‍ কৰা উচিত অথবা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰাৰ অনুমতি লাভ কৰক । তেওঁ লগতে কয় যে, আগন্তুক নিৰ্বাচনত ৰাইজে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব ।

পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলৱত্‍ কৰকঃ কৈলাশ বিজয়ভাৰ্জিয়া
পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলৱত্‍ কৰকঃ কৈলাশ বিজয়ভাৰ্জিয়া

By

Published : Dec 16, 2020, 9:32 PM IST

নেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: নিৰ্বাচনী আয়োগৰ বিষয়াৰ এটা দলে বৃহস্পতিবাৰে নিৰ্বাচনী পৰিস্থিতিৰ বুজ লোৱাৰ বাবে তিনি দিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগলৈ যাব । দলটোৱে ২০২১ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ এক বৈঠকত মিলিত হ'ব । পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰেও নিজৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত জমা দিছে, য'ত কেৱা হৈছে যে, ৰাজ্যখনৰ আইন ব্যৱস্থা ক্ৰমান্বয়ে বেয়াৰ দিশে গতি কৰিছে ।

ই টি ভি ভাৰতৰে হোৱা এক সাক্ষাত্‍কাৰত পশ্চিমবংগৰ বিজেপিৰ প্ৰভাৰী কৈলাশ বিজয়ভাৰ্গিয়াই কয় যে, 'পশ্চিমবংগত বৃদ্ধি পোৱা হিংসাত্মক ঘটনা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চেষ্টা কৰি আছে । আমি স্বাধীন আৰু নিৰপেক্ষ নিৰ্বাচন অনিষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী আয়োগক আহ্বান জনাইছো । নিৰ্বাচনী আয়োগৰ এটা দল নিৰ্বাচনী পৰিস্থিতিৰ বুজ লোৱাৰ বাবে পশ্চিমবংগতে আছে । পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলৱত্‍ কৰা উচিত অথবা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন কেন্দ্ৰীয় চৰকাৰৰ আওতালৈ অনা উচিত । যদি আৰক্ষী জড়িত হয়, তেন্তে নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহয় ।'

বিজেপি নেতা জে পি নাড্ডাৰ কনভয় আক্ৰমণক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 'নৌটংকী' আখ্যা দিয়া বিষয়ত বিজয়ভাৰ্গিয়াই প্ৰতিক্ৰিয়া কৰি কয় যে, পশ্চিমবংগৰ জনতা আৰু সংবাদ মাধ্যমে ইয়াৰ উত্তৰ দিছে । নeড্ডাৰ কনভয় ডাইমণ্ড হাৰ্বাৰৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । তেওঁ লগতে কয় যে, কংগ্ৰেছ আৰু বাওঁপন্থী দলে ৰাজ্যখনত পুনৰ নিজৰ ভাগ্য উদয় কৰাবলৈ উঠি-পৰি লাগিছে ।

লগতে পঢ়ক:কেৰালা স্থানীয় নিকায় নিৰ্বাচন : ২৪৪টা কেন্দ্ৰত ভোটগণনা আৰম্ভ

ABOUT THE AUTHOR

...view details