1. পশ্চিমবংগত জনসভা সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই
পশ্চিমবংগত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰাৰ বাবে সাজু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ৷ 11:30 বজাত শ্ৰীৰামপুৰ, 1 বজাত টোল্লীগঞ্জ আৰু 2:45 বজাত চিনচুৰাত উপস্থিত থাকিব নাড্ডা ৷
পশ্চিমবংগত জনসভা সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে 2. ভাৰতত উপস্থিত হ'ব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভৰ'ভ
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভৰ'ভ ৷ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হ'ব লাভৰ'ভ ৷ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে, বৈদেশিক মন্ত্ৰী গৰাকীৰ ভ্ৰমণ দ্বিপাক্ষিক বিষয় সমূহ আলোচনা কৰাৰ বাবে এক অন্যতম সুযোগ হিছাপে বিবেচিত হ'ব ৷
ভাৰতত উপস্থিত হ'ব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গে লাভৰ'ভ 3. সমগ্ৰ ভাৰতৰ এফচিআই কাৰ্যালয়ৰ সন্মুখত কৃষকৰ প্ৰতিবাদ
"এফচিআই বচাও দিৱস" হিছাপে সমগ্ৰ ৰাষ্ট্ৰতে ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান সংযুক্ত কিষাণ মৰ্চা (এচকেএম) ৰ ৷
সমগ্ৰ ভাৰতৰ এফচিআই কাৰ্যালয়ৰ সন্মুখত কৃষকৰ প্ৰতিবাদ 4. বস্তৰত শ্বহীদ হোৱা সৈনিকলৈ শ্ৰদ্ধাঞ্জলি
বিজাপুৰ এনকাউন্টাৰত 22 গৰাকী সৈনিক শ্বহীদ হোৱাৰ পৰিৱৰ্তে 31 গৰাকী সৈনিক আঘাতপ্ৰাপ্ত হৈছে ৷ আঘাতপ্ৰাপ্ত সকলক ৰায়পুৰ আৰু বিজাপুৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ বস্তৰত 5 এপ্ৰিলত শ্বহীদ সৈনিক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব ৷
বস্তৰত শ্বহীদ হোৱা সৈনিকলৈ শ্ৰদ্ধাঞ্জলি