তেজপুৰ, ২৯ মাৰ্চ:অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে আৱন্টিত ১০০০ কোটি টকাৰ (Fund for tea workers in Assam West Bengal) ) প্ৰয়োগ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিছে সংসদীয় কমিটিয়ে । অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকসকলৰ বাবে ২০২১-২২ বৰ্ষৰ বাজেটত ঘোষণা কৰা ১,০০০ কোটি টকা প্ৰয়োগ হোৱাৰ এতিয়ালৈকে কোনো ধৰণৰ আশাৰ ৰেঙণি দেখা পোৱা নাই বুলিও এক প্ৰতিবেদন দাখিল কৰিছে এখন সংসদীয় পেনেলে ।
চলিত মাহত সংসদত বাণিজ্য বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনত এইকথা প্ৰকাশ পাইছে । সমিতিখনে প্ৰতিবেদনত নিশ্চিত কৰিছে যে ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেট ভাষণত প্ৰস্তাৱিত 'প্ৰধানমন্ত্ৰী চাহ শ্ৰমিকৰ যোজনা'ৰ আঁচনিখনে এতিয়ালৈকে কোনো আশা দেখা নাই । উল্লেখ্য যে, চাহ শ্ৰমিক বিশেষকৈ মহিলা শ্ৰমিকসকলৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰাৰ লক্ষ্যৰে আঁচনিখনৰ বাবে ১০০০ কোটি টকা আৱণ্টন কৰা হৈছিল ৷
এতিয়া ইয়াৰ প্ৰয়োগত পলম হোৱাটো অবাঞ্চিত বুলিও উল্লেখ কৰা হৈছে উক্ত প্ৰতিবেদনখনত । কমিটিখনে প্ৰকাশ কৰে, যে পশ্চিমবংগ আৰু অসমৰ চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড নিম্ন পৰ্যায়ৰ ৷ ইয়াৰ লগতে কম মজুৰিৰ সমস্যাও এক চিন্তাৰ বিষয় হিচাপে গণ্য কৰি ইয়াৰ তাৎক্ষণিক নিষ্পত্তিৰ প্ৰয়োজন বুলিও কৰা হৈছে উল্লেখ । সমিতিখনে বিভাগটোক আঁচনি ৰূপায়ণত যিকোনো প্ৰকাৰে পলম নকৰিবলৈ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল ।
লগতে উল্লেখ কৰে যে, চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ এক অনুসন্ধানৰ বাবে চৰকাৰে এখন উচ্চ-পৰ্যায়ৰ ক্ষমতাপ্ৰাপ্ত সমিতি গঠন কৰিব । ইয়াৰোপৰি, সমিতিখনে ভাৰতীয় চাহ খণ্ডই চাহ ব'ৰ্ডক কম বাজেট আৱণ্টনৰ ওপৰত আলোকপাত কৰাত থকা অসুবিধাৰ বিষয়ে আলোচনা কৰে ৷ চাহ উদ্যোগৰ সুবিধাৰ বাবে চাহ আইন সংশোধনৰ পৰামৰ্শও দিয়ে ।