নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ :মণিপুৰৰ ৰাজধানী ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আতংকময় পৰিস্থিতি ৷ সন্দেহজনক বস্তু এটা প্ৰত্যক্ষ কৰাৰ পাচতে বিমান বন্দৰটোত বিমানৰ উৰণ বন্ধ কৰি দিয়া হয় ৷ এই পৰিস্থিতিৰ বাবে দেওবাৰে কেইবা ঘণ্টা ধৰি ব্যাহত হৈ পৰে বন্দৰটোৰ কাম-কাজ ।
উল্লেখ্য যে, বিমান বন্দৰটোত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে দিনৰ প্ৰায় 2.30 বজাত সন্দেহজনক বস্তুটো প্ৰত্যক্ষ কৰে । নাম প্ৰকাশ নকৰাকৈয়ে বিমান বন্দৰ কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰে ৷ ইয়াৰ ফলত প্ৰায় তিনি ঘণ্টা ধৰি বন্দৰটোৰ কাম-কাজত অচলাৱস্থাৰ সৃষ্টি হয় ৷ এই সতৰ্কবাণীৰ ফলত তিনিখন আউটবাউণ্ড বিমান আৰু ইম্ফললৈ যোৱা দুখন বিমান ডাইভাৰ্ট কৰা হয় ।
বিমানবন্দৰৰ এজন বিষয়াই কয়, "বিমানবন্দৰৰ ওপৰত অচিনাক্ত বস্তুটো দেখা পোৱাৰ বাবে দুপৰীয়া 2.30 বজাৰ পৰা বিয়লি 5.50 বজালৈ বিমান চলাচল বন্ধ হৈ থাকে । সেই সময়ছোৱাত ইম্ফলৰ পৰা যাত্ৰা কৰা তিনিখন বিমান পলম হৈছিল আৰু দুখন ইন-বাউণ্ড বিমান ডাইভাৰ্ট কৰা হৈছিল’’ ।