অসম

assam

ETV Bharat / bharat

ক’ভিড টিকাকৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ আহ্বান ভাৰতীয় চিকিৎসা সংস্থাৰ - ভাৰত বায়োটেক

The Indian Medical Association on Friday appealed to all its members to actively participate in the COVID-19 vaccination drive across the country.

IMA asks its members to participate in COVID-19 vaccination drive
ক’ভিড টিকাকৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ আহ্বান ভাৰতীয় চিকিৎসা সংস্থাৰ

By

Published : Jan 8, 2021, 5:23 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী :ভাৰতীয় চিকিৎসা সংস্থাই সকলো সদস্যক ভাৰতবৰ্ষৰ ক’ভিড 19 টিকাকৰণ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । ভাৰতীয় চিকিৎসা সংস্থাই এক বিবৃতিৰ জড়িয়তে কয় যে, ভাৰতত তৎতকালীনভাবে ক’ভিড 19 ৰ ভেকছিনটো উপলব্ধ কৰা হৈছে আৰু এই টিকাকৰণ অভিযানত সহায় কৰাটো সকলোৰে দায়িত্ব আছে ৷

বিবৃতিত লগতে উল্লেখ কৰা হয় যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু ৰাষ্ট্ৰীয় ভাইৰ'লজী প্ৰতিষ্ঠান (এনআইভি)ৰ সহযোগত ভাৰতীয় বিজ্ঞানীসকলে অশেষ প্ৰচেষ্টাৰ পাছত দেশীয় ভেকছিনটো বিকশিত কৰা হৈছে ৷ ভাৰতৰ ঔষধ নিয়ন্ত্ৰকে চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত অক্সফ’ৰ্ড ক’ভিড 19 ভেকছিন কোভিশ্বিল্ড আৰু ভাৰত বায়োটেকৰ দেশত বিকশিত কোভাক্সিন ভেকছিন দেশত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল ৷ যাৰ ফলত দেশত ব্যাপক হাৰত ক’ভিড 19 ভেকচিন দিয়াৰ পথ প্ৰশস্ত হৈ পৰে ৷

ভাৰতীয় চিকিৎসা সংস্থাই ক’ভিড ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলো বিজ্ঞানী আৰু গৱেষকসকলৰ অৱদানৰ স্মৰণ কৰি আত্ম নিৰ্ভৰ ভাৰত বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে ।

লগতে পঢ়ক :ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ ভাবুকি, ঘটনাৰ তদন্ত আৰম্ভ

ABOUT THE AUTHOR

...view details