অসম

assam

ETV Bharat / bharat

নিজকে জয়াললিতাৰ কন্যা বুলি দাবী কৰিলে এইগৰাকী মহিলাই ! - এপল হাস্পতাল

আমি সকলোৱে জানো যে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতা অবিবাহিত আছিল । কিন্তু হঠাৎ চেন্নাইত এগৰাকী মহিলাৰ দাবী, তেওঁ হেনো জয়াললিতাৰ কন্যা । কোন সেইগৰাকী মহিলা ? সাংবাদিকৰ সন্মুখত কি ক'লে মহিলাগৰাকীয়ে ?

Jayalalitha
নিজকে জয়াললিতাৰ কন্যা বুলি দাবী কৰা কোন সেইগৰাকী মহিলা

By

Published : Nov 7, 2021, 4:38 PM IST

নেশ্যনেল ডেস্ক,৭ নৱেম্বৰ :চেন্নাইত এগৰাকী মহিলাৰ গুৰুত্বপূৰ্ণ মন্তব্য । নিজকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়াললিতাৰ (Jayalalitha) কন্যা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ এই মন্তব্যৰ পাছত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে দেশৰ ৰাজনৈতিক মহলত ।

উল্লেখ্য যে, প্ৰেমা নামৰ পল্লৱৰামৰ বাসিন্দা মহিলাগৰাকীয়ে শনিবাৰে মেৰিনাৰ জয়াললিতাৰ সমাধিস্থলিত উপস্থিত হয় । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে তেওঁ সাংবাদিকৰ সন্মুখত দাবী কৰে যে, তেওঁ প্ৰয়াত জয়াললিতাৰ কন্যা । সাংবাদিকক কোৱা মতে তেওঁৰ জন্ম মহীশূৰত হৈছিল । ৩০ বছৰ ধৰি তেওঁ চেন্নাইতে আছে ।

সময় আহিলে তেওঁ নিজকে জয়াললিতাৰ কন্যা বুলি প্ৰমাণো দিব বুলিও কয় প্ৰেমাই । মহিলাগৰাকীয়ে লগতে কয় যে তেওঁক ডাঙৰ দীঘল কৰা পিতৃ-মাতৃৰো মৃত্যু হৈছে । অহা ৪-৫ দিনৰ ভিতৰত তেওঁ শশীকলাক সাক্ষাৎ কৰিব বুলিও জনায় । মহিলাগৰাকীৰ মতে জয়াললিতাই তেওঁক বেবী বুলি সম্বোধন কৰিছিল ।

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকী এপ'ল' হাস্পতালত (Apollo Hospital) চিকিৎসাধীন হৈ থকা অৱস্থাত হাস্পতালৰ পিছফালৰ দুৱাৰেৰে প্ৰৱেশ কৰি জয়াললিতাক সাক্ষাৎ কৰা বুলিও তেওঁ দাবী কৰে । মহিলাগৰাকীয়ে দাবী কৰা মতে জয়াললিতাৰ সহায়ক মুথুস্বামীয়ে তেওঁক ফোন কৰিছিল । সেই সময়ত জয়াললিতাই তেওঁক চুমা খাইছিল । আনহাতে, এবাৰ পোয়েছ গাৰ্ডেন হাউচতো জয়াললিতাক তেওঁ লগ পাইছিল বুলি দাবী কৰে মহিলাগৰাকীয়ে ।

উল্লেখ্য যে, প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকী অবিবাহিত আছিল বুলি সকলোৱে জানে । কিন্তু এনেদৰে প্ৰেমা নামৰ মহিলাগৰাকীয়ে নিজকে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ কন্যা বুলি পৰিচয় দিয়াৰ পাছতে এতিয়া ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক :কণৌজত জিকা ভাইৰাছত আক্ৰান্ত প্ৰথমগৰাকী লোকক চিনাক্ত

ABOUT THE AUTHOR

...view details