নেশ্যনেল ডেস্ক,১০ মে' :"মণিপুৰৰ হিংসাত্মক ঘটনাত জড়িত আছিল ম্যানমাৰৰ অবৈধ প্ৰব্ৰজনকাৰী (Myanmar Illegal migrants sparked Manipur violence)। হিংসাত্মক ঘটনা এক পৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত সংঘটিত হৈছিল ।" এই অভিযোগ পিপলছ এলায়েন্স ফ’ৰ পিচ এণ্ড প্ৰগ্ৰেছ মণিপুৰ আৰু দিল্লী মণিপুৰী চ'ছাইটিৰ । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা দিল্লীৰ মণিপুৰী চ'চাইটিৰ সদস্য ভগত অ'ইনামে মঙলবাৰে অভিযোগ কৰি কয় যে ম্যানমাৰৰ পৰা অবৈধভাৱে অহা কুকি সম্প্ৰদায়ৰ লোকসকলেও চৰকাৰী চাকৰি লাভ কৰিছে ।
উল্লেখ্য যে পিপলছ এলায়েন্স ফ’ৰ পিচ এণ্ড প্ৰগ্ৰেছ মণিপুৰ আৰু দিল্লী মণিপুৰী চ'ছাইটিয়ে ৰাজ্যখনৰ মেইটেই সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে (PAPPM on Manipur violence)। এই সংগঠন দুটাই অভিযোগ কৰিছে যে সমগ্ৰ হিংসাত্মক ঘটনাৰ আঁৰত আছে ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী ।
মণিপুৰী চ'চাইটিৰ সদস্য ভগত অ'ইনামে অভিযোগ কৰা মতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেয়েহে ড্ৰাগছ মাফিয়াসকল এই ঘটনাত সক্ৰিয় হৈ পৰিছে (Drugs Mafia involved in Manipur violence)। মণিপুৰৰ এই হিংসাত ড্ৰাগছ মাফিয়াসকলৰ এক বৃহৎ ভূমিকা আছে বুলি তেওঁ দাবী কৰে ।
কুকি সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ নিৰ্বাচনী ৰাজনীতিক প্ৰভাৱিত কৰে বুলি স্বীকাৰ কৰি অ'ইনামে কয় যে ৰাজ্যৰ বাহিৰৰ পৰা অহা কুকিসকলে নিজকে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছে আৰু আনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰি আছে । সেয়েহে এই হিংসা সংঘটিত হৈছে আৰু এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱা হৈছে । মণিপুৰৰ জনসংখ্যাৰ ৫৩ শতাংশ মেইটেই আৰু ইয়াৰে বেছিভাগ ইম্ফল উপত্যকাত বাস কৰে (Meitei of Manipur)। জনজাতীয় নগা আৰু কুকি জনসংখ্যাৰ আন ৪০ শতাংশ, যিসকল পাহাৰীয়া জিলাত বাস কৰে ।