অসম

assam

ETV Bharat / bharat

দিল্লীত ভুৱা কল চেন্টাৰ উৎখাত: আঠ গৰাকীক গ্ৰেপ্তাৰ - ভাৰতীয় দণ্ডবিধি আইন

দিল্লী আৰক্ষীৰ অভিযানত উৎখাত ভুৱা কল চেন্টাৰ ৷ চাকৰিৰ প্ৰলোভনেৰে দুই ভাতৃয়ে চলাই আহিছিল এই কল চেন্টাৰ ৷ অভিযুক্ত দুই ভাতৃৰ লগতে ছগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 420 আৰু 34 ৰ আদাৰত অভিযুক্ত আটাইকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ ৷

Illegal call centre busted in Delhi, 8 held
দিল্লীত অবৈধ কল চেন্টাৰ উৎখাত

By

Published : Apr 8, 2021, 9:39 PM IST

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল:ঘৰৰ পৰাই কাম কৰাৰ সুবিধা দিয়াৰ প্ৰলোভন দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে নাঙলৈ অঞ্চলৰ পৰা এটা অবৈধ কল চেন্টাৰ উৎখাত কৰাৰ লগতে ছগৰাকী মহিলা সহ মুঠ আঠ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে ভুৱা কল চেন্টাৰটোৰ জড়িয়তে অভিযুক্ত সকলে প্ৰত্যেক দিনেই চাৰি পাঁচ গৰাকীকৈ ব্যক্তিক জালত পেলাইছিল ৷

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে কল চেন্টাৰটোত অভিযান চলাই আৰু অভিযুক্ত লোক কেইগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি ছগৰাকী মহিলা টেলিকলাৰ্চৰ সহযোগত আজিম আলী (21) আৰু আফজল মিৰ্জা (25) নামৰ দুগৰাকী ভাতৃয়ে কল চেন্টাৰটো চলাইছিল ৷

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, 2020 ৰ জানুৱাৰীত আলি আৰু মিৰ্জাই কল চেন্টাৰটো আৰম্ভ কৰিছিল কিন্তু ক'ৰণা অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কল চেন্টাৰটো বন্ধ কৰিবলৈ বাধ্য হয় যদিও পাছত তেওঁলোকে পুনৰ কল চেন্টাৰটো মুকলি কৰে ৷

আৰক্ষীৰ উপ আয়ুক্ত পৰমিন্দৰ সিঙে কয় যে, কল চেন্টাৰটোত কৰ্মৰত কৰ্মচাৰী সকলে যিকোনো নম্বৰত ফোন কৰি প্ৰতিদিনে 2000 টকাকৈ পাৰিশ্ৰমিকৰ সৈতে ঘৰৰ পৰা আৰু অনলাইন কাম কৰাৰ সুবিধা প্ৰদানৰ প্ৰলোভন দিয়ে ৷ যদিহে সেই লোক গৰাকীয়ে তেওঁলোকৰ অফাৰ গ্ৰহণ কৰে তেন্তে তেওঁলোকে ভেৰিফিকেচনকে ধৰি চূড়ান্ত নিযুক্তিৰ বাবে ধন বিচাৰে ৷ এবাৰ তেওঁলোকৰ একাউন্টত ধনৰাশি সোমোৱাৰ পাছতে তেওঁলোকে আৰু কোনোধৰণৰ যোগাযোগ নকৰে ৷ সিঙে জানিবলৈ দিয়া মতে এই ভেৰিফিকেচনৰ নামত তেওঁলোকে প্ৰত্যেক গৰাকী ব্যক্তিৰ পৰা 1000 ৰ পৰা 3000 টকা পৰ্যন্ত সংগ্ৰহ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 420 আৰু 34 ৰ অধীনত অভিযুক্ত আটাইকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে ৷ আৰক্ষীৰ অভিযানত আঠটা ম'বাইল ফোন, এটা লেপটপ, 20 খন চিম কাৰ্ড জব্দ কৰা হৈছে ৷

লগতে পঢ়ক:বিধানসভা নিৰ্বাচন 2021 : সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু পশ্চিমবংগ

ABOUT THE AUTHOR

...view details