নেশ্যনেল ডেস্ক,৬ ছেপ্টেম্বৰ:আই আই টি মাণ্ডিত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক ৰেগিং কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আগষ্ট মাহত নৱাগতা আদৰণি সভাৰ সময়ত এই ৰেগিঙকাণ্ড সংঘটিত হৈছিল । এই সন্দৰ্ভত এজন ছাত্ৰই প্ৰতিষ্ঠানখনৰ এণ্টি ৰেগিং চেলত অভিযোগ কৰে । ইয়াৰ পিছত প্ৰতিষ্ঠানখনৱে ৭২ জন ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পাচত ৰেগিঙৰ লগত জড়িত থকা অভিযোগত ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে ।
৭২ জন ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা:আই আই টি মাণ্ডীৰ সূত্ৰ অনুসৰি যোৱা ১১ আগষ্টত ৰেগিঙৰ এক কাণ্ড সংঘটিত হৈছিল । আই আই টি মাণ্ডীৰ সঞ্চালক অধ্যাপক লক্ষ্মীদত্ত বেহেৰাই যোৱা ২০ আগষ্টত ৰেগিং লোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ মেইল প্ৰেৰণ কৰিছিল । য’ত এই ছাত্ৰ-ছাত্ৰীসকলে ‘লক্ষ্মণ ৰেখা’ পাৰ হোৱাৰ কথা উল্লেখ আছিল । প্ৰতিষ্ঠানখনৰ মতে, এই গোচৰত বিভিন্ন ষ্ট্ৰিমৰ পৰা ৭২ জন ছাত্ৰ-ছাত্ৰীৰ নাম আহিছিল । ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীক জৰিমনা বিহা হৈছে । আনহাতে ১০ গৰাকী ছাত্ৰ-ছাত্ৰীকো নিলম্বন কৰা হৈছে ।
ছাত্ৰ সংগঠনৰ ৩ জন সদস্য বিৰুদ্ধে ব্যৱস্থা:আই আই টি মাণ্ডীৰ পৰা ৰেগিং কৰা এই গোচৰত নিলম্বিত ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছাত্ৰ সংগঠনৰ তিনিজন সদস্য আছে । এই তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পদ কাঢ়ি নিয়াৰ লগতে হোষ্টেল খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । সূত্ৰ অনুসৰি শাস্তি লাভ কৰা জ্যেষ্ঠ ছাত্ৰই এই শাস্তি পুনৰ বিবেচনা কৰিবলৈ প্ৰতিষ্ঠানখনক আবেদন জনাইছে । জানিব পৰা মতে যোৱা ১১ আগষ্টত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে আয়োজন কৰা নৱাগতা আদৰণি সভাৰ পিচত এণ্টি ৰেগিং চেলৰ ওচৰত বেনামী অভিযোগ আহিছিল । এই অভিযোগৰ তদন্তৰ ভিত্তিত আই আই টি মাণ্ডীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।