অসম

assam

ETV Bharat / bharat

India Rankings 2022: উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ৰেংকিঙত জিলিকিল IISC বেংগালুৰু; শীৰ্ষস্থানত IIT মাদ্ৰাজ - IIT Madras ranks top among Higher Educational Institutions

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধীনত শিক্ষা মন্ত্ৰালয়ৰ India Rankings 2022ত শীৰ্ষস্থান দখল কৰে(IIT Madras ranks top among Higher Educational Institutions) । ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুক শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে মনোনীত কৰা হৈছে(IISC Bengaluru top university) ।

iit madras tops india rankings 2022 of higher educational institutions
India Rankings 2022: উচ্চশিক্ষাপ্ৰতিষ্ঠানৰ ৰেংকিঙত জিলিকিল IISC বেংগালুৰু, শীৰ্ষস্থানত IIT মাদ্ৰাজ

By

Published : Jul 15, 2022, 2:20 PM IST

নেশ্যনেল ডেস্ক,১৫ জুলাই: শুকুৰবাৰে প্ৰকাশ কৰা হ'ল উচ্চশিক্ষা প্ৰতিষ্ঠানৰ অধীনৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ India Rankings 2022 । এই ৰেংকিঙত শীৰ্ষস্থানত জিলিকিল মাদ্ৰাজ শিক্ষা মন্ত্ৰালয়(IIT Madras ranks top among Higher Educational Institutions) । ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু আৰু আইআইটি, ব'ম্বেয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে (IISC Bengaluru top university) ।

সামগ্ৰিকভাবে, IIT মাদ্ৰাজৰ পিছত দ্বিতীয় স্থানত আছে IISC বেংগালুৰু আৰু IIT ব'ম্বেয়ে তৃতীয় স্থান দখল কৰে । বিশ্ববিদ্যালয়সমূহৰ ভিতৰত, IISC বেংগালুৰুৰ পিছত দ্বিতীয় স্থানত JNU আৰু তৃতীয় স্থানত জামিয়া মিলিয়া ইছলামিয়া আছে । IIT মাদ্ৰাজ হৈছে শ্ৰেষ্ঠ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু তাৰ পিছত আছে IIT দিল্লী আৰু IIT ব'ম্বে ।

ফাৰ্মাচী প্ৰতিষ্ঠানবোৰৰ ভিতৰত, জামিয়া হামদাৰ্ডে লাভ কৰিছে শীৰ্ষ স্থান । ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান হায়দৰাবাদ শ্ৰেণীটোৰ দ্বিতীয় শ্ৰেষ্ঠ স্থানত থকাৰ বিপৰীতে চণ্ডিগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।

আন দহখন শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ ভিতৰত পাঁচখন দিল্লীৰ আৰু মিৰাণ্ডা হাউছে তালিকাৰ শীৰ্ষস্থান দখল কৰে । হিন্দু মহাবিদ্যালয় দ্বিতীয় স্থানত থকাৰ বিপৰীতে চেন্নাইৰ প্ৰেচিডেন্সি কলেজে তৃতীয় স্থান দখলকৰে । AIIMS দিল্লী হৈছে ৰেংকিঙৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা মহাবিদ্যালয় । তাৰ পিছতেই আছে PGIMER চণ্ডিগড় আৰু CMC ভেলোৰ । IIM আহমেদবাদ হৈছে দেশৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু তাৰ পিছত আছে IIM বেংগালুৰু আৰু IIM কলিকতা ।

লগতে পঢ়ক:CUET Examination: স্নাতক পাঠ্যক্ৰমৰ বাবে আজিৰে পৰা উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা

ABOUT THE AUTHOR

...view details