নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ :আইআইটি মাদ্ৰাজৰ এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ পাছতে অধ্যাপক আশীষ কুমাৰ সেনক নিলম্বন কৰিছে কৰ্তৃপক্ষই । ২০২৩ চনৰ ৩১ মাৰ্চত আইআইটি মাদ্ৰাজৰ মেকানিকেল বিভাগত গৱেষণা কৰি থকা শচীন জৈন নামৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল । এই ঘটনাটোৰ পাছত শিক্ষাৰ্থীসকলে ছাত্ৰজনৰ আত্মহত্যাৰ বাবে দায়ী লোকসকলক শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
আইআইটি মাদ্ৰাজ কৰ্তৃপক্ষইও প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছিল আৰু তেওঁলোকক আশ্বাস দিছিল যে ছাত্ৰজনৰ আত্মহত্যাৰ সঠিক তদন্ত কৰা হ'ব । পৰৱৰ্তী সময়ত, ২৫ এপ্ৰিলত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া থিলাকাৱতীৰ নেতৃত্বত এটা ৫ জনীয়া তদন্ত সমিতি গঠন কৰা হৈছিল । উক্ত সমিতিয়ে ই-মেইল আৰু ব্যক্তিগতভাৱে শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ বিচাৰিছিল আৰু আইআইটি প্ৰশাসনৰ ওচৰত ৩০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে ।