নিউজ ডেস্ক, ১৫ নৱেম্বৰ : মন্ত্ৰবোৰৰ এক পৃথক শক্তি আছে আৰু সেইবোৰৰ প্ৰভাৱ শৰীৰ-মন আৰু চাৰিওফালৰ পৰিৱেশত স্পষ্টভাৱে দেখা যায় । ভাৰতীয় সংস্কৃতিত এটা বিশ্বাস আছে যে শাস্ত্ৰত দিয়া মন্ত্ৰবোৰ বিশেষ ধৰণে উচ্চাৰণ কৰিলে বিশেষ প্ৰভাৱ পেলায় । মন্ত্ৰৰ ইতিবাচক বা নেতিবাচক প্ৰভাৱ ইয়াৰ উদ্দেশ্য, ৰূপায়ণ আৰু ব্যৱহাৰৰ পদ্ধতিৰ ওপৰতো নিৰ্ভৰ কৰে । মন্ত্ৰবোৰে মানৱ শৰীৰৰ ওপৰতো প্ৰভাৱ পেলায় । এই তথ্যবোৰৰ আধাৰত, আইআইটি ইন্দোৰত এটা গৱেষণামূলক কাম কৰা হয় (IIT Indore research) । উক্ত গৱেষণাত মন্ত্ৰ জপ কৰাৰ সময়ত তাৰ প্ৰভাৱ কেনেদৰে পৰে সেয়া বিচাৰি উলিওৱা হয় ।
আইআইটি ইন্দোৰৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগে (Electrical Engineering Department IIT Indore) কৰা উক্ত গৱেষণাই প্ৰকাশ কৰিছে যে 108 বাৰ 'হৰে কৃষ্ণ' মন্ত্ৰ উচ্চাৰণ কৰিলে মগজুৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে । ইয়াৰ উচ্চাৰণত শান্তি আৰু সুখ অনুভৱ হয় আৰু ব্যক্তিজনৰ চাপ আৰু উদ্বেগ হ্ৰাস কৰে । আইআইটি ইন্দোৰৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগে কৰা গৱেষণাৰ বাবে দলটোৱে প্ৰতিষ্ঠানখনৰ পৰা 37 জন লোকক বাছনি কৰিছিল ।
মন্ত্ৰ জপ কৰাৰ পূৰ্বৰ আৰু পৰৱৰ্তী স্থিতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰা হয় :গৱেষক দলটোৰ মুৰব্বী ডঃ ৰামবিলাস পাচোৰীৰ (Dr Ram Bilas Pachori) মতে, "মগজুৰ পৰা মুখ্যত পাঁচ প্ৰকাৰৰ ফ্ৰিকুৱেন্সি বেণ্ড সংকেত ওলায় (Brain emits five types of frequency bands signals) । ইয়াত থকা আলফা ফ্ৰিকুৱেন্সি বেণ্ড শান্তি আৰু আৰামৰ পৰিচায়ক (Alpha frequency bands for peace and relaxation) ।