নেশ্যেনেল ডেস্ক, ২৯ মাৰ্চ: মধ্যপ্ৰদেশৰ ইণ্ডোৰ আই আই টিৰ উদ্ভাৱনে ৰাজ্যবাসীৰ দৃষ্টি নিৱদ্ধ কৰিছে । অতিমাৰীৰ সমান্তৰালকৈ অন্য ৰোগ আদিৰ বাবেও সকলোৱে যাতে নিৰোগী হৈ থাকিব পাৰে তাৰবাবে ৰক্ত কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুত কৰি উলিয়াইছে । সুদীৰ্ঘ ১২ বছৰে এই ঔষধ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া অব্যাহত আছিল । আই আই টিৰ দ্বাৰা উৎপাদিত ঔষধটোৱে কৰ্কট ৰোগ নিৰাময় কৰিব । ইয়াৰ ফলত অধিকাংশ লোকে এই ৰোগত ভুগি থকা লোকসকলক উপকৃত কৰিব ।
ইতিমধ্যে,আই আই টি ইণ্ডোৰে মুম্বাইৰ টাটা মেমৰিয়েল চেণ্টাৰ উন্নত চিকিৎসা গৱেষণা, শিক্ষা কেন্দ্ৰ আৰু মুম্বাই বায়োটেকৰ সৈতে পৰীক্ষণৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে । প্ৰথম ৰাউণ্ডৰ পৰীক্ষা অতি সোনকালে অনুষ্ঠিত কৰা হ'ব । প্ৰায় ২৫ জন লোকক পৰীক্ষণ কৰা হ'ব ।