নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী গুৱাহাটীৰ এটা গৱেষকৰ দলৰ বৃহৎ সফলতা । আইআইটিৰ গৱেষক দলটোৱে নেনো ক্লে ব্যৱহাৰ কৰি তৰল মাৰ্বল উদ্ভাৱন কৰিছে যাক ঔষধ প্ৰদান আৰু কেচকেড ৰাসায়নিক পাৰ্শ্বক্ৰিয়া প্ৰি-প্ৰগ্ৰামৰ বাবে ব্যৱহাৰ কৰিব পাৰি (Cascade chemical reactions)। নেনো ক্লে (Nano clay) হৈছে স্তৰযুক্ত খনিজ চিলিকেটৰ নেনোকণা । উল্লেখ্য যে ৰোগৰ পৰম্পৰাগত চিকিৎসাত টেবলেট, কেপচুল, চিৰাপ, মলম আদি অন্তৰ্ভুক্ত থাকে ।
আনহাতে, এক নিয়ন্ত্ৰিত ঔষধ প্ৰদান প্ৰণালী হৈছে নিৰ্দিষ্ট স্থানত প্ৰয়োজনীয় পালি প্ৰদান কৰাৰ বাবে আকাংক্ষিত সময়ত ক্ৰমান্বয়ে এক অধিক কাৰ্যকৰী কৌশল । দ্ৰৱণীয় ৰূপত ঔষধ প্ৰদান কৰাটো আন এক গুৰুত্বপূৰ্ণ দিশ । যাক তৰল মাৰ্বলৰ দ্বাৰা লাভ কৰিব পাৰি । আইআইটি গুৱাহাটীৰ দলটোৱে 'টাইম বম্ব' আধাৰত স্বতঃস্ফূৰ্ত ৰাসায়নিক প্ৰতিক্ৰিয়া কৰিবলৈ তৰল মাৰ্বল প্ৰস্তুত কৰিছে (IIT developed Liquid marbles for medicine delivery)।
পোহৰ, উষ্ণতা, বিদ্যুতৰ উদ্দীপনাৰ সঁহাৰি স্বৰূপে তৰল মাৰ্বলৰ জৰিয়তে ঔষধ প্ৰদান কৰাৰ খবৰ পূৰ্বেও পোৱা গৈছে । কিন্তু সময় প্ৰগ্ৰেম কৰাটো সম্ভৱ হোৱা নাছিল । ৰসায়ন বিজ্ঞান বিভাগ আৰু চেণ্টাৰ ফৰ নেনোটেকন'লজীৰ সহযোগী অধ্যাপক ড০ উত্তম মান্নাই কয় যে, তেওঁলোকে পুখুৰীত এটা ফ্লোটিং লিকুইড মাৰ্বলৰ অৱস্থিতিৰ ৰাসায়নিকভাৱে পৰিৱৰ্তন কৰিছে ।
তেওঁ উল্লেখ কৰা মতে সাধাৰণ টোপালৰ বিপৰীতে তৰল মাৰ্বল হৈছে এক ন'ন-ষ্টিকি (Non Sticky), শুকান টোপাল । ইয়াক সূক্ষ্ম হাইড্ৰ'ফোবিক কণা অৰ্থাৎ পানী প্ৰতিৰোধক কণাৰে এটা টোপাল মেৰিয়াই সৃষ্টি কৰা হয় । এই তৰল মাৰ্বলবোৰ ঘূৰাব, চেপিব পাৰি আৰু ই ওপঙি থাকে । প্ৰকৃতাৰ্থত এফিডে পাউডাৰ যুক্ত মমত নিঃসৰণ কৰা ৱাক্সৰ আৱৰণ দি তৰল মাৰ্বল সৃষ্টি কৰা হয় (Liquid marbles of IIT Guwahati)।