নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: সূৰ্যৰ পোহৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ দলে বিকশিত কৰিলে হাইব্ৰিড Perovskite সৌৰ কোষ(IIT Guwahati team develops efficient perovskite solar cells) । গৱেষকসকলে জনোৱা মতে, Perovskite Solar Cell অথবা ফটোভল্টেইক ডিভাইচ অতি উপযোগী আৰু পুনৰ ব্যৱহাৰযোগ্য । অতি কম টকা ব্যয় কৰি সহজতে এই ডিভাইচ নিৰ্মাণ কৰিব পাৰি বুলি গৱেষকসকলে জানিবলৈ দিছে । মৃদু উষ্ণতা থকা কোঠাত ইক'নমিকেল ছলিউশ্যন ভিত্তিক ফটোভল্টেইক ডিভাইচ প্ৰচেছিং কৌশল ব্যৱহাৰ কৰি আৰু হাই এম্বিয়েণ্ট, থাৰ্মেল আৰু অপ্টিকেল স্থিৰতা বজাই ৰাখি ২১ শতাংশৰো অধিক শক্তি ৰূপান্তৰকৰণৰ দক্ষতাৰে এই ডিভাইচ বিকশিত কৰা হৈছে ।
Perovskite সৌৰ কোষ হৈছে এনে এটা সৌৰ কোষ য'ত অন্তৰ্ভুক্ত থাকে পেৰোভস্কাাইটযুক্ত যৌগ, সাধাৰণতে এক হাইব্ৰিড জৈৱিক-অজৈৱিক সীহ বা টিন হেলাইড ভিত্তিক সামগ্ৰী ।পোহৰ সংগ্ৰহৰ সক্ৰিয় স্তৰ হিচাপে এই সামগ্ৰীবোৰ অন্তৰ্ভুক্ত থাকে(Electricity from sunlight) । গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(IIT)ৰ ৰসায়ন বিজ্ঞান বিভাগ আৰু চেণ্টাৰ ফৰ নেনোটেকন'লজী আৰু স্কুল ফৰ হেল্থ চায়েন্স এণ্ড টেকন'লজীৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰৰ তত্বাৱধানত এই গৱেষণা সম্পূৰ্ণ কৰা হৈছে । আয়াৰে জনোৱা মতে, Perovskite Solar Cellৰ গৱেষণাই এক দশকৰ ভিতৰত হোৱা গৱেষণাৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিছে ।