অসম

assam

ETV Bharat / bharat

যৌন নিৰ্যাতনৰ অভিযোগত আইআইএম কলকাতাৰ সঞ্চালকক অপসাৰণ - আইআইএম কলকাতা

IIMC Director Sahadeb Sarkar : লিখিত অভিযোগৰ ওপৰত ভিত্তি কৰি আইচিচিয়ে সহদেৱ সৰকাৰৰ কাৰ্যকালৰ সকলো অধ্যাপক আৰু অন্যান্য কৰ্মচাৰীৰ সৈতে কথা পাতি এক আভ্যন্তৰীণ তদন্ত চলায় । এই আভ্যন্তৰীণ অনুসন্ধানৰ ভিত্তিতে আইআইএম কলকাতাৰ সঞ্চালক গৰাকীক পদবীৰ পৰা আঁতৰোৱা হয় ।

যৌন নিৰ্যাতনৰ অভিযোগত আইআইএম কলকাতাৰ সঞ্চালকক অপসাৰণ
যৌন নিৰ্যাতনৰ অভিযোগত আইআইএম কলকাতাৰ সঞ্চালকক অপসাৰণ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 3:05 PM IST

নিউজ ডেস্ক, ১৭ জানুৱাৰী : যৌন নিৰ্যাতনৰ অভিযোগত ঐতিহাসিক ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট কলকাতাৰ (আইআইএমচি) সঞ্চালক প্ৰধান সহদেৱ সৰকাৰক অপসাৰণ কৰা হৈছে । আইআইএমচিয়ে এই সন্দৰ্ভত এখন জাননী জাৰি কৰিছে ।

জাননী অনুসৰি, কৰ্মক্ষেত্ৰত এগৰাকী মহিলাৰ যৌন নিৰ্যাতনৰ বাবে সংশ্লিষ্ট আইনৰ অধীনত অলপতে তেওঁৰ বিৰুদ্ধে আইআইএমৰ আভ্যন্তৰীণ অভিযোগ সমিতিত এক লিখিত অভিযোগ দাখিল কৰা হৈছিল । বিষয়টো ব'ৰ্ড অব গভৰ্ণৰ্ছলৈ প্ৰেৰণ কৰা হৈছে ।

লিখিত অভিযোগৰ ওপৰত ভিত্তি কৰি আইচিচিয়ে সহদেৱ সৰকাৰৰ কাৰ্যকালৰ সকলো অধ্যাপক আৰু অন্যান্য কৰ্মচাৰীৰ সৈতে কথা পাতি এক আভ্যন্তৰীণ তদন্ত চলায় । এই আভ্যন্তৰীণ অনুসন্ধানৰ ভিত্তিতে তেওঁক পদবীৰ পৰা আঁতৰোৱা হয় ।

প্ৰতিষ্ঠানখনে মঙলবাৰে সন্ধিয়া জাৰি কৰা এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে আইচিচিৰ পৰামৰ্শ অনুসৰি তেওঁলোকে সৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে । এইটোও কোৱা হৈছে যে অভিযোগৰ তদন্ত কৰা হৈছে ।

ইফালে, আইআইএমচিয়ে জ্যেষ্ঠতম ফেকাল্টী, অধ্যাপক শৈবাল চেতাৰ্জীক তৎকালে কাৰ্যকৰী হোৱাকৈ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি দিয়ে । "প্ৰতিষ্ঠানটোৰ আভ্যন্তৰীণ অভিযোগ সমিতিয়ে তদানীন্তন ভাৰপ্ৰাপ্ত অধ্যাপক সহদেৱ সৰকাৰৰ বিৰুদ্ধে কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, প্ৰতিকাৰ আৰু নিষ্পত্তি) আইন, ২০১৩ (পিঅ'এছএইচ আইন)ৰ অধীনত এখন লিখিত অভিযোগ-পত্ৰ লাভ কৰিছে । আইচিচিয়ে নিশ্চিত কৰিছে যে প্ৰাথমিকভাৱে অভিযোগটোৱে এক আনুষ্ঠানিক তদন্তৰ প্ৰমাণ দিয়ে আৰু সেইটো ব'ৰ্ড অব গভৰ্ণৰ্ছক (বিঅ'জি) অৱগত কৰা হৈছে ।" প্ৰতিষ্ঠানখনৰ বিবৃতিটোত কোৱা হৈছে ।

"আইআইএমচি ব'ৰ্ড অব গভৰ্ণৰ্ছে ৬ জানুৱাৰীত এক বিশেষ বৈঠক অনুষ্ঠিত কৰে আৰু আইচিচিৰ পৰামৰ্শ গ্ৰহণ কৰে যে অধ্যাপক সহদেৱ সৰকাৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নাথাকিব আৰু তেওঁক উক্ত পদ আৰু আন যিকোনো পদৰ পৰা আঁতৰাই দিয়া হ'ব ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

ইয়াৰ দ্বাৰা সৰকাৰ এতিয়া কাৰ্যকাল উকলি যোৱাৰ পূৰ্বে তিনি বছৰৰ ভিতৰত আইআইএম সঞ্চালকৰ পদ ত্যাগ কৰা তৃতীয়গৰাকী সঞ্চালক হৈ পৰিছে ।

লগতে পঢ়ক :মহুৱা মৈত্ৰক চৰকাৰী বাংলো তৎক্ষণাৎ এৰিবলৈ নিৰ্দেশ সম্পত্তি সঞ্চালকালয়ৰ

ABOUT THE AUTHOR

...view details