নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: পশ্চিমবংগৰ কলকাতাত অনুষ্ঠিত হৈছে ভাৰত আৰু বাংলাদেশৰ সীমা সুৰক্ষা কৰ্মীৰ সমন্বয় সন্মিলন । আজিৰে পৰা আৰম্ভ হোৱা ইন্সপেক্টৰছ জেনেৰেল পৰ্যায়ৰ সন্মিলনখন অহা ১১ ডিচেম্বৰত অন্ত পৰিব । ভাৰতৰ সীমা সুৰক্ষা বলৰ কলকাতাস্থিত মুখ্য কাৰ্যালয় ছাউথ বেংগল ফ্ৰন্টিয়াৰত অনুষ্ঠিত সন্মিলনত অংশ লৈছে ভাৰতৰ সীমা সুৰক্ষা বল আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ প্ৰতিনিধিয়ে ।
সীমা সুৰক্ষা বলে এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে যে, দক্ষিণ-পশ্চিম আঞ্চলিকৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেছ'ৰ মহম্মদ হুছেইনৰ নেতৃত্বত অহা ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ৬ জনীয়া প্ৰতিনিধিৰ দলে সন্মিলনত অংশগ্ৰহণ কৰিছে । লগতে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ প্ৰতিনিধিয়েও সন্মিলনত ভাগ লৈছে ।