অসম

assam

ETV Bharat / bharat

BSF-BGBৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত

সীমা সুৰক্ষা বল(BSF) আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশ(BGB)ৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত । অবৈধভাৱে সীমান্তত প্ৰৱেশ, নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা আদি সমস্যা সমাধানৰ বাবে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

IG level coordination conference ends
BSF-BGBৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত

By

Published : Jun 12, 2021, 7:19 PM IST

নেশ্যনেল ডেস্ক, ১২ জুন: শুকুৰবাৰে অন্ত পৰে সীমা সুৰক্ষা বল(BSF)ৰ মহাপৰিদৰ্শক আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশ(BGB)ৰ আঞ্চলিক কামাণ্ডাৰ পৰ্যায়ৰ সীমান্ত সমন্বয় সন্মিলন ৷ যোৱা ৭ জুনৰ পৰা এই সন্মিলন আৰম্ভ হৈছিল ।

সাধাৰণতে দুবছৰৰ অন্তত এই সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনতে আলোচনাৰ যুটীয়া ৰেকৰ্ড (Joint Record of Discussion) দস্তাবেজত স্বাক্ষৰ কৰা হয় । অবৈধভাৱে সীমান্ত অতিক্ৰম কৰা, নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায় আদিৰ দৰে ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা(International Border) সম্পৰ্কীয় অপৰাধজনিত বিষয়সমূহ ইয়াত অন্তৰ্ভুক্ত আছে ।

BSF-BGBৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত

ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত দ্বিবাৰ্ষিক সন্মিলনখন প্ৰথমবাৰৰ বাবে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হয় । এই সন্মিলনত বিভিন্ন দ্বি-পাক্ষিক সীমান্ত সমস্যা যেনে, ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়, বাংলাদেশৰ পৰা ভাৰতীয় উগ্ৰপন্থী গোটৰ কাৰ্যকলাপ, অবৈধভাৱে সীমা পাৰ হোৱা সমস্যা আৰু এই সমস্যা সমাধান কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা আদিৰ বিষয়ে আলোচনা কৰা কয় ৷

BSF-BGBৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত

লগতে অসম্পূৰ্ণ হৈ থকা উন্নয়নমূলক কাম, সীমান্ত ব্যৱস্থাপনা পৰিকল্পনা আদিৰ দৰে বিভিন্ন দ্বি-পাক্ষিক সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি সীমা সুৰক্ষা বলে এক বিবৃতিযোগে প্ৰকাশ কৰিছে ।

BSF-BGBৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত

দুয়োখন দেশৰে সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ আৰু কোনো সমস্যা সৃষ্টি হ'লে সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰিবলৈ সন্মত হৈছে । এই সন্মিলনত অতিৰিক্ত সঞ্চালক প্ৰধান, দক্ষিণ-পূব অঞ্চলৰ আঞ্চলিক কমাণ্ডাৰ তথা ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশ(BGB)ৰ প্ৰতিনিধি দলৰ মুৰব্বী তনবীৰ গণি চৌধুৰীয়ে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰাৰ বাবে সীমা সুৰক্ষা বলৰ প্ৰতিনিধি দললৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ শাসকীয় দলসমূহ অশান্ত হৈ আছে: জিতেন্দ্ৰ চৌধুৰী

ABOUT THE AUTHOR

...view details