অসম

assam

Dry Eyes: চকু বাৰে বাৰে শুকাই যোৱাৰ বাবে অশান্তি পাইছে নেকি ? এই খাদ্যসমূহে দিব উপশম

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 1:40 PM IST

চকু শুকাই গ’লে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ শুকান চকুৰ ফলত চকুত বিষ, চকু ফুলা আদি সমস্যাৰ সৃষ্টি হয় ৷ পৰ্দাত অবিৰত কাম কৰাৰ বাবে আজিকালি মানুহৰ মাজত চকু শুকান সমস্যাটো সাধাৰণ হৈ পৰিছে ৷ সেয়ে চকুৰ শুকানভাৱ দূৰ কৰিবলৈ এই খাদ্যবোৰক আপুনি আপোনাৰ খাদ্যৰ অংশ হিচাপে ল’ব পাৰে ৷

If you are troubled by the problem of dry eyes, then make these foods a part of your diet
চকু বাৰে বাৰে শুকাই যোৱাৰ বাবে অশান্তি পাইছে নেকি ? এই খাদ্যসমূহে কৰিব সহায়

আজিকালি মানুহে বহু ঘন্টা ধৰি মোবাইল বা লেপটপত অবিৰতভাৱে কাম কৰে, যাৰ বাবে চকুৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ লেপটপ, মোবাইল, কম্পিউটাৰ আদিৰ স্ক্ৰীণ অতিমাত্ৰা চোৱাৰ বাবে আজিকালি মানুহৰ মাজত চকু শুকান হোৱাৰ সমস্যা বাঢ়িছে ৷ আচলতে আমি যেতিয়া কাম কৰোঁ তেতিয়া চকুৰ পতা বহুদিনলৈ চকু টিপিয়াই নাথাকে আৰু অনবৰতে পৰ্দাখনলৈ চাই থাকোঁ ৷ এনে অৱস্থাত চকুৰ পানী শুকাই যায় ৷ এইদৰে চকুত বিষ, ফুলা আদি বহুতো সমস্যাৰ সৃষ্টি হয় ৷ খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰি চকু দুটা হাইড্ৰেটেড কৰি ৰাখিব পাৰে ৷

চৰ্বিযুক্ত মাছ

ড্ৰাই আই চিনড্ৰমৰ পৰা চকুক ৰক্ষা কৰিবলৈ আপুনি খাদ্য তালিকাত মাছ অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াত ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে চকুৰ প্ৰদাহ কমায় আৰু চকুক সুস্থ কৰি ৰাখে ৷ চৰ্বিযুক্ত মাছ চকুৰ বাবে এক স্বাস্থ্যকৰ বিকল্প হ’ব পাৰে ৷ ইয়াৰ বাবে আপুনি ছালমন, টুনা, হেৰিং আদি সাগৰীয় মাছ বাছি ল’ব পাৰে ৷

সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ চকুক সুস্থ কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ইয়াৰ উপৰিও ইয়াত অধিক পৰিমাণৰ ভিটামিন চি থাকে, যাৰ ফলত চকুৰ সৈতে জড়িত ৰোগ কম হয় ৷ চকুৰ স্বাস্থ্যৰ বাবে কেল(Kale), কলাৰ্ড(Collard Greens), পালেং আদি সেউজীয়া শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

বাদাম

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ বাদামে চকু শুকোৱাৰ পৰা ৰক্ষা কৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই আৰু ওমেগা-৩ ফেটি এচিড থাকে ৷ যিবোৰে চকুত চকুলো উৎপন্ন কৰে ৷ শুকান চকুৰ পৰা সকাহ পাবলৈ খাদ্যত বাদাম, আখৰোট, কাজু খাব পাৰে ৷

পানী খোৱা

শৰীৰত পানীৰ অভাৱৰ বাবেও চকু শুকান হোৱাৰ সমস্যাৰ সৃষ্টি হয় ৷ চকু সুস্থ কৰি ৰাখিবলৈ নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো জৰুৰী ৷

বীন

বীন হৈছে পুষ্টিকৰ উপাদানৰ এক ভঁৰাল ৷ প্ৰ’টিন, ফাইবাৰ, জিংক, ফলেট আদি বহুতো পুষ্টিকৰ উপাদান ইয়াত পোৱা যায় ৷ এইবোৰে আপোনাৰ চকুক ক্ষতিৰ পৰা ৰক্ষা কৰে ৷ বীন খালে ড্ৰাই আই চিণ্ড্ৰমৰ সমস্যা হ্ৰাস পায় ৷

চিয়া বীজ আৰু শণৰ বীজ

এই গুটিবোৰ নিৰামিষভোজীৰ বাবে প্ৰ’টিনৰ উত্তম উৎস ৷ এই বীজত অধিক পৰিমাণৰ ওমেগা-৩ ফেটি এচিড থাকে ৷ চকুৰ স্বাস্থ্যৰ বাবে ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ এই বীজবোৰ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব ৷

লগতে পঢ়ক:Eating Fruit at Night side effects: নিশা এইসমূহ ফল খোৱাৰ পৰা বিৰত থাকক, নহ’লে আক্ৰান্ত হ’ব পাৰে এই ৰোগত

ABOUT THE AUTHOR

...view details