নেচনেল ডেস্ক,18 জুন: জম্মু-কাশ্মীৰত বৰ্তমানেও অব্য়াহত আছে বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপ । সন্ত্ৰাসবাদীয়ে নিতৌ ন ন কৌশলেৰে জনসাধাৰণক আক্ৰমণৰ লক্ষ্য় কৰি লৈছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ লাংগেট অঞ্চলত শনিবাৰে উদ্ধাৰ হৈছে এটা বিস্ফোৰক (Explosive Recovered In JK)। কুপৱাৰা জিলাৰ লাংগেট অঞ্চলৰ এটা পথৰ কাষত Improvised Explosive Device (IED)টো উদ্ধাৰ কৰা হৈছে ।
এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত সেনাৰ এটা টহলদাৰী দলে বিস্ফোৰকটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি এগৰাকী সেনা বিষয়াই জানিবলৈ দিয়ে । সেনা বিষয়াগৰাৰীয়ে উল্লেখ কৰা মতে, সেনাৰ টহলদাৰী দলটোৱে পথৰ কাষত ৰখা অৱস্থাত IED টো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই IED টো বেটাৰী আৰু তাঁৰৰ সৈতে সংযোজিত আছিল বুলি সেনা বিষয়াগৰাকীয়ে কয় ।