নেশ্যনেল ডেস্ক, ৫ মাৰ্চ: শুক্ৰবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামাৰ দাংগেৰপাৰাত আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এটা সৰু আকাৰৰ আই ই ডি এখন দোকানৰ কাষত থোৱা হৈছিল ।
দক্ষিণ কাশ্মীৰত আই ই ডি বিস্ফোৰণ - দাংগেৰপাৰাত
দক্ষিণ কাশ্মীৰৰ দাংগেৰপাৰাত আই ই ডি বিস্ফোৰণ । এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।
![দক্ষিণ কাশ্মীৰত আই ই ডি বিস্ফোৰণ দক্ষিণ কাশ্মীৰৰ দাংগেৰপাৰাত আই ই ডি বিস্ফোৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10885782-640-10885782-1614952834584.jpg)
দক্ষিণ কাশ্মীৰৰ দাংগেৰপাৰাত আই ই ডি বিস্ফোৰণ
অৱশ্যে, এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে । সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । হঠাতে অঞ্চলটোত আই ই ডি বিস্ফোৰণ হোৱা ঘটনাই শংকিত কৰিছে স্থানীয় লোকসকলক ।