অসম

assam

Amit Khare: প্ৰাক্তন আমোলা অমিত খাৰেৰ কৰ্মজীৱনৰ ম্যাদ বৃদ্ধি

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 3:49 PM IST

বৃদ্ধি কৰা হ’ল এ এছ বিষয়া প্ৰাক্তন আমোলা অমিত খাৰেৰ চাকৰি কাল ৷ ঝাৰখণ্ড কেডাৰৰ 1985 বৰ্ষৰ আই এ এছ বিষয়া প্ৰাক্তন আমোলা অমিত খাৰে 2021 চনৰ 30 ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল ।

former bureaucrat
প্ৰাক্তন আমোলা অমিত খাৰে

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ:প্ৰাক্তন আমোলাঅমিত খাৰেকৰ চাকৰি জীৱনৰ ম্যাদ বৃদ্ধিপ্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপদেষ্টা হিচাপে নিযুক্ত প্রাক্তন আমোলা অমিত খাৰেকৰ ম্যাদ বৃদ্ধিৰ সময়সীমা প্রদান কৰা হৈছে বুলি প্রতিষ্ঠান মন্ত্রণালয়ৰ এক নিৰ্দেশত প্রকাশ কৰা হৈছে ৷

2021 চনৰ অক্টোবৰ মাহত দুবছৰৰ বাবে এই পদত নিযুক্তি দিয়া হৈছিল প্রাক্তন আমোলা অমিত খাৰেকক । ঝাৰখণ্ড কেডাৰৰ 1985 চনৰ (অৱসৰপ্ৰাপ্ত) ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) বিষয়া খাৰে 2021 চনৰ 30 ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল । প্ৰাক্তন আমোলাঅমিত খাৰেক উচ্চ শিক্ষা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ পুনৰ নিযুক্তিপ্ৰাপ্ত বিষয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা সাধাৰণ চৰ্ত আৰু নিয়মৰ আধাৰত চুক্তিৰ ভিত্তিত খাৰেৰ কাৰ্যকাল বৃদ্ধিৰ বাবে কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনাইছে ৷ সোমবাৰে এক আদেশযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সৈতে একেলগে প্ৰাক্তন আমোলাঅমিত খাৰেকৰ চাকৰি জীৱনৰ ম্যাদ উকলিব বুলি কোৱা হৈছে ।

আন এটা আদেশত কেবিনেটৰ নিযুক্তি সমিতিয়ে জৈৱ প্ৰযুক্তি বিভাগৰ সচিব হিচাপে ৰাজেশ এছ গোখলেৰ কাৰ্যকাল দুবছৰৰ বাবে বৃদ্ধিৰ বাবে অনুমোদন জনাইছে ৷ PTIৰ প্ৰতিবেদন অনুসৰি 2023 চনৰ 1 নৱেম্বৰৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ’ব ।

2021 চনত অৱসৰ লোৱাৰ পিছত অমিত খাৰেক প্ৰধানমন্ত্ৰী মোদীৰ উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰা হয় । সেই সময়ত কেবিনেটৰ নিযুক্তি সমিতিয়ে খাৰেক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ভাৰত চৰকাৰৰ সচিব পদ আৰু চুক্তিবদ্ধ ভিত্তিত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে । দুবছৰৰ বাবে উক্ত পদত নিযুক্তি দিয়া হৈছে খাৰেকক ।

লগতে পঢ়ক:India and Canada conflict : কানাডাস্থিত ভাৰতীয় নাগৰিকক সাৱধানতা অৱলম্বনৰ আহ্বান কানাডা চৰকাৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details