অসম

assam

ETV Bharat / bharat

5 suspended: ৰেষ্টোৰাঁৰ কৰ্মচাৰীক প্ৰহাৰ কৰি চাকৰিৰ পৰা নিলম্বন IAS, IPS বিষয়াসহ 5 গৰাকীক - কৰ্মচাৰীক গেঞ্জী পিন্ধাৰ বাবে প্ৰহাৰ

চিচিটিভি কেমেৰাৰ ফুটেজে শ’লঠেকত পেলালে 5 গৰাকী IAS, IPS বিষয়াক ৷ এখন ৰেষ্টোৰাঁৰ এগৰাকী কৰ্মচাৰীক গেঞ্জী পিন্ধাৰ বাবে প্ৰহাৰ কৰিছিল দলটোৱে ৷

ias-ips-officers-suspended-over-brawl-at-rajasthan-eatery-cctv-video-goes-viral
ৰেষ্টোৰাঁৰ কৰ্মচাৰীক প্ৰহাৰ কৰি নিলম্বিত IAS IPS বিষয়াসহ 5 গৰাকী

By

Published : Jun 14, 2023, 8:33 PM IST

নেশ্যনেল ডেস্ক, 14 জুন: ৰাজস্থানৰ আজমেৰত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এখন ৰেষ্টোৰাঁৰ এগৰাকী কৰ্মচাৰীক গেঞ্জী পিন্ধাৰ বাবে প্ৰহাৰ কৰিছিল 5 গৰাকী IAS, IPS বিষয়াসহ এটা দলে ৷ এই সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভি কেমেৰাত ৷

এই ফুটেজটো সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিচতেই কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত নিলম্বিত কৰা হয় IAS, IPS বিষয়াসহ 5 গৰাকীক ৷ এই 5 গৰাকী লোকৰ ভিতৰত এজন আই এ এছ বিষয়া আৰু এজন আই পি এছ বিষয়াও আছিল ৷ নিলম্বিত বিষয়া দুজন হৈছে আজমেৰ উন্নয়ন প্ৰাধিকৰণৰ আয়ুক্ত গিৰিধৰ আৰু গংগাপুৰ মহানগৰ আৰক্ষীৰ বিশেষ কৰ্তব্যৰ বিষয়া সুশীল কুমাৰ বিষ্ণৈ ৷

আন নিলম্বিত বিষয়াসকল হৈছে পাটৱাৰী নৰেন্দ্ৰ সিং দাহিয়া, কনিষ্টবল মুকেশ কুমাৰ আৰু এল ডি চি হনুমান প্ৰসাদ চৌধুৰী ৷ গোচৰটোৰ পৰৱৰ্তী অনুসন্ধানৰ বাবে এ ডি জি ভিজিলেন্সক হস্তান্তৰ কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, 11 জুনৰ নিশা ঘটনাটো সংঘটিত হৈছিল ৷ যাৰ ফলত কৰ্তৃপক্ষই তদন্তৰ বাবে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক নিযুক্তি দিয়ে ৷ হোটেলৰ মেনেজমেণ্টে দাখিল কৰা অভিযোগ অনুসৰি, এজন আই পি এছ বিষয়াই প্ৰায় চাৰিগৰাকী আৰক্ষীৰ সৈতে সোমবাৰে নিশা ৰেষ্টোৰাঁখনৰ কৰ্মচাৰীসকলক আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণৰ বাবে গেগাল আৰক্ষী থানাত পাঁচগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে৷

তথ্য অনুসৰি, বিষয়াকেইগৰাকীয়ে এটা পাৰ্টীৰ পৰা উভতি আহি থাকোঁতে তেওঁলোকে এখন ৰেষ্টোৰাঁত প্ৰৱেশ কৰিছিল ৷ বিষয়াকেইগৰাকীয়ে ৰেষ্টোৰাঁখনৰ কৰ্মচাৰীসকলক গেঞ্জী পিন্ধি থকাৰ বাবে গেঞ্জী খুলিবলৈ কৈছিল ৷ তাৰ বাবে দুয়োটা পক্ষৰ মাজত বিবাদৰ সূত্ৰপাত হয় ৷ বিবাদৰ মাজতে এগৰাকী আই পি এছ বিষয়াই ৰেষ্টোৰাঁখনৰ এজন কৰ্মচাৰীক চৰ সোধাই ৷

এই ঘটনাৰ পিচতে ডিজিপি উমেশ মিশ্ৰই ঘটনা সন্দৰ্ভত কয় যে, "আমি গোচৰৰ তদন্ত এ ডি জি ভিজিলেন্সক হস্তান্তৰ কৰিছো ৷" ৰাজপুত সম্প্ৰদায়ে ঘটনাটোৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ৰাজস্থান পৰ্যটন উন্নয়ন নিগমৰ (আৰটিডিচি) অধ্যক্ষ ধৰ্মেন্দ্ৰ ৰাথৌৰক এখন স্মাৰকপত্ৰ দাখিল কৰিছে ৷ এই স্মাৰকপত্ৰখনত এই ঘটনাৰে জড়িত আৰক্ষীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

ইফালে, গোচৰটোৰ অন্যতম অভিযুক্ত সুশীল কুমাৰ বিষ্ণৈয়ে হোটেলৰ কৰ্মচাৰীসকলে উত্থাপন কৰা অভিযোগ অস্বীকাৰ কৰে ৷ বিষ্ণৈয়ে কয় যে এই অভিযোগসমূহ মিছা ৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে, আজমেৰৰ আৰক্ষী অধীক্ষক চুনা ৰাম জাটে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপৰাম, কনিষ্টবল গৌতম আৰু কনিষ্টবল মুকেশক আৰক্ষী লাইনলৈ বদলিকৰণৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক:Senthil Balaji Arrest Issue: চেন্থিল বালাজীক গ্ৰেপ্তাৰ ৰাজনৈতিক উৎপীড়ন আখ্যা খাৰ্গেৰ

ABOUT THE AUTHOR

...view details