নেশ্যনেল ডেস্ক, 8 মে’ :ভাৰতীয় বায়ুসেনাৰ মিগ 21 যুদ্ধবিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হ’ল তিনিজনকৈ নাগৰিকৰ ৷ সোমবাৰে ৰাজস্থানৰ হনুনগড় জিলাত দুৰ্ঘটনাগ্ৰস্ত হয় যুদ্ধবিমানখন (IAFs MiG 21 crashes in Rajasthan) ৷ দুৰ্ঘটনাটোৰ ফলত দুগৰাকী মহিলা আৰু এজন লোক মৃত্যুমুখত পৰে ৷
চুৰাটগড়ৰ পৰা বিমানখন উৰা মাৰিছিল বুলি জানিবলৈ পৰা গৈছে আৰু তাৰ পিচতেই হনুমানগড়ৰ ডাবলি অঞ্চলৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক জছাৰাম বসুৱে দুৰ্ঘটনাটোৰ ফলত কমেও তিনিজন নাগৰিকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে (3 killed in IAFs MiG 21 crash) ।
উল্লেখ্য যে, সোমবাৰে পুৱা জিলাখনৰ বাহলোল নগৰত দুৰ্ঘটনাগ্ৰস্ত হয় মিগ 21 যুদ্ধ বিমানখন । এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হৈছে বুলি জানিবলৈ পৰা গৈছে । তথ্য অনুসৰি দুৰ্ঘটনাৰ ফলত মিগ 21 বিমানখন বতাহৰ ফলত এটা ঘৰৰ ওপৰত বাগৰি পৰে । ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকেই উক্ত স্থানত উপস্থিত হয় পিলিবাংগা আৰক্ষী থানা (iafs mig 21 fighter aircraft crashes) ।
উল্লেখ্য যে, যুদ্ধবিমানখনৰ দুয়োগৰাকী পাইলটৰ জীৱন ৰক্ষা পৰে ৷ বিমান দুৰ্ঘটনাটোত আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।