অসম

assam

ETV Bharat / bharat

মধ্য প্ৰদেশত দুৰ্ঘটনাত পতিত বায়ুসেনাৰ বিমান

মধ্য প্ৰদেশৰ ভিন্দৰত দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ু সেনাৰ মিৰাজ 2000 বিমান ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা পেৰাচুটৰ সৈতে জপিয়াই কথমপি প্ৰাণৰক্ষা পৰে পাইলটৰ ৷

By

Published : Oct 21, 2021, 2:18 PM IST

IAF trainer aircraft crashes in MP's Bhind, both pilots safe
মধ্য প্ৰদেশত দুৰ্ঘটনাত পতিত বায়ুসেনাৰ বিমান

নিউজ ডেস্ক, 21 অক্টোবৰ : ভাৰতীয় বায়ু সেনাৰ এখন মিৰাজ 2000 বিমান বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ ভিন্দৰৰ পৰা প্ৰায় 6 কিল’মিটাৰ দূৰত মানকাবাদৰ এখন পথাৰত দুৰ্ঘটনাত পতিত হয় । এই বিমানখন এগৰাকী প্ৰশিক্ষাৰ্থী পাইলটে উৰুৱাইছিল বুলি জানিব পৰা হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পাইলট ফ্লাইট লেফটেনেণ্ট অভিলাষে বিমানখন এখন পথাৰত অৱতৰণ কৰাই বিমানৰ পৰা জপিয়াই পৰিছিল ।

বিমানখনৰ পাইলট লেফটেনেণ্ট অভিলাষ আঘাতপ্ৰাপ্ত হয় যদিও বৰ্তমান তেওঁ সুৰক্ষিত অৱস্থাত থকা বুলি জানিব পৰা হৈছে ৷ দুৰ্ঘটনাটোৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ পাইলটজনক উদ্ধাৰ কৰে । ইতিমধ্যে বায়ুসেনাই এই দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে ।

লগতে পঢ়ক :দাৰ্জিলিং-ছিকিমত ভূমিস্খলন : গৃহৰক্ষীৰ জোৱান সন্ধানহীন

ABOUT THE AUTHOR

...view details