নিউজ ডেস্ক,4 মে':দেশ তথা ৰাজ্যত ক'ভিড 19 ৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি ৷ এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বহুকেইখন ৰাজ্যত ঘোষণা কৰা হৈছে সান্ধ্য আইন ৷ ইপিনে মঙলবাৰে হায়দৰাবাদৰ এখন চিৰিয়াখানাৰ বহুকেইটা সিংহৰ দেহতো পোৱা গৈছে ক'ভিড 19 ৰ অৱস্থিতি ৷ এই ভাইৰাছৰ প্ৰকোপ দেশত ইমানেই বৃদ্ধি পাইছে যে প্ৰতিদিনে অক্সিজেনৰ অভাৱত পথতেই মৃত্যু হৈছে শতাধিক লোকৰ ৷
এক কথাত ক'বলৈ গ'লে মানৱ জাতিৰ পৰা আৰম্ভ কৰি এতিয়া জীৱ-জন্তুলৈও সংক্ৰমিত হ'বলৈ ধৰিছে এই ভাইৰাছবিধ ৷ ইতিমধ্যে অক্সিজেনৰ অভাৱ দূৰ কৰাৰ বাবে প্ৰতিখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে উপযুক্ত ব্যৱস্থা ৷ কিন্তু তৎসত্বেও দূৰ কৰিব পৰা নাই এই অভাৱ ৷ মঙলবাৰে ভাৰতীয় বায়ুসেনাই বায়ু সেনাৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিচিত জালাহাল্লিত 100 খন বিচনাযুক্ত এটা ক'ভিড চিকিৎসা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ক'ভিড-19 মহামাৰীৰ দ্বিতীয় ঢৌত ভূগি থকা বেংগালুৰুৰ সাধাৰণ জনতাক সহায় কৰাৰ অৰ্থে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷ এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰে এই তথ্য ৷ 6 মে'ৰ পৰা কাৰ্যকৰী কৰা হ'ব এই ব্যৱস্থা ৷ এই চিকিৎসা কেন্দ্ৰত 20 খন বিচনাৰ লগতে অক্সিজেন কনচেণ্ট্ৰেটৰৰ সুবিধাও উপলব্ধ কৰা হ'ব ৷
ইপিনে, ৰাজ্য চৰকাৰে অক্সিজেনৰ উপলব্ধতা নিশ্চিত কৰাৰ পিছত বাকী 80 খন বিচনা 20 মে'ৰ ভিতৰত কাৰ্যক্ষম কৰা হ'ব বুলি আশা প্ৰকাশ কৰে । 100 খন বিচনাৰ ভিতৰত 10 খন আইচিইউ বিচনা আৰু পাইপযুক্ত অক্সিজেনৰ সৈতে 40 খন বিচনা থাকিব বুলিও জানিব পৰা গৈছে । ইয়াৰে বাকী 50 খন বিচনাত অক্সিজেন কনচেণ্ট্ৰেটৰ থাকিব বুলি আইএএফে প্ৰকাশ কৰে ৷