নিউজ ডেস্ক, 6 জুলাই :কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত চুক্তিভিত্তিত চাকৰিত মকৰল কৰাৰ বাবে বিগত 14 জুনত ‘অগ্নিপথ আঁচনি'খন গ্ৰহণ কৰে(Govt announces Agnipath recruitment scheme for armed forces) । কিন্তু এই ‘অগ্নিপথ আঁচনি'(Agnipath recruitment 2022)ক কেন্দ্ৰ কৰি দেশৰ কেইবাখনো ৰাজ্যত অব্যাহত আছে বিক্ষোভ-প্ৰতিবাদী কাৰ্যসূচী(Protest against Agnipath scheme) । তাৰ মাজতে মঙলবাৰে বায়ু সেনা বিভাগে অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত ৭.৫ লাখ আবেদন লাভ কৰিছে বুলি টুইটাৰযোগে সদৰি কৰে (IAF registration process receives more than 7 lakh applications) ৷
অগ্নিপথ নিযুক্তি আঁচনিৰ (Agneepath recruitment scheme) অধীনত পঞ্জীয়ন প্ৰক্ৰিয়া বিগত ২৪ জুনৰ পৰা আৰম্ভ হৈ মঙলবাৰে সমাপ্ত হয় (IAF registration under Agneepath ended on June 24) ৷ আই এ এফে টুইটাৰযোগে অগ্নিপথ নিযুক্তি আঁচনিৰ বাবে মঙলবাৰলৈ ৭,৪৯,৮৯৯ খন আবেদন লাভ কৰিছে বুলি জানিব দিয়ে ৷ উল্লেখ্য যে, অগ্নিপথ আঁচনিৰ অধীনত চাৰে ১৭ বছৰৰ পৰা ২১ বছৰলৈকে যুৱক-যুৱতীসকলক চাৰি বছৰৰ কাৰ্যকালৰ বাবে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব । আনহাতে, তেওঁলোকৰ ২৫ শতাংশক পৰৱৰ্তী সময়ত নিয়মীয়া সেৱাৰ বাবে অন্তৰ্ভুক্ত কৰা হ'ব ।