অসম

assam

ETV Bharat / bharat

বাংলাদেশক 1971 ৰ যুদ্ধ হেলিকপ্টাৰ উপহাৰ ভাৰতৰ - ঐতিহাসিক এলৌয়েট III হেলিকপ্টাৰ

১৯৭১ চনৰ যুদ্ধত পাকিস্তানক পৰাজিত কৰি সুকীয়া দেশৰ স্বীকৃতি লাভ কৰিছিল বাংলাদেশে । এই যুদ্ধৰ ৰূপালী জয়ন্তী হিচাপে ভাৰত আৰু পাকিস্তানৰ মাজত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । কাৰ্যসূচীৰ অংশস্বৰূপে যুদ্ধত ব্যৱহৃত বিশেষ হেলিকপ্টাৰ আৰু বিমান আদান প্ৰদান কৰিছে দুয়োখন দেশে ।

১৯৭১ যুদ্ধৰ স্মৃতি হিচাপে ভাৰত-বাংলাদেশৰ মাজত বিশেষ উপহাৰৰ আদান প্ৰদান
১৯৭১ যুদ্ধৰ স্মৃতি হিচাপে ভাৰত-বাংলাদেশৰ মাজত বিশেষ উপহাৰৰ আদান প্ৰদান

By

Published : Feb 27, 2021, 7:28 PM IST

নিউজ ডেস্ক,২৭ ফেব্ৰুৱাৰী : পাকিস্তানৰ বিৰুদ্ধে ১৯৭১ চনৰ যুদ্ধ জয়ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাত সেই যুদ্ধ স্মৃতি হিচাপে ভাৰতীয় বায়ু সেনাই বাংলাদেশক বিশেষ উপহাৰ প্ৰদান কৰে । ভাৰতীয় বায়ু সেনাৰ প্ৰধান আৰ কে এছ ভাদুৰিয়াই বাংলাদেশক ঐতিহাসিক এলৌয়েট-III হেলিকপ্টাৰ প্ৰদান কৰে আৰু বাংলাদেশ বায়ু সেনাইও ভাৰতক উপহাৰ হিচাপে এফ-৮৬ চাব্ৰে বিমান প্ৰদান কৰে ।

ভাৰতীয় বায়ু সেনাই টুইটযোগে এই উপহাৰৰ কথা উল্লেখ কৰা লগতে দুয়োখন দেশৰ সংগ্ৰহালয়ত এই উপহাৰে বিশেষ তাৎপৰ্য বহন কৰিব বুলি উল্লেখ কৰে । ভাদুৰিয়াৰ চাৰিদিনীয়া বাংলাদেশ ভ্ৰমণৰ সময়ত ঢাকাত বিমানৰ বিনিময় প্ৰক্ৰিয়াৰ আয়োজন কৰা হয় । সেনা প্ৰধানগৰাকীয়ে বাংলাদেশৰ বিভিন্ন এয়াৰবেচ পৰিদৰ্শন কৰে আৰু সেই দেশৰ শীৰ্ষ সামৰিক নেতৃত্বৰ সৈতে মতবিনিময় কৰে ।

ভাৰত-বাংলাদেশৰ মাজত বিশেষ উপহাৰৰ আদান প্ৰদান

উল্লেখ যে ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ সেনা পৰাজিত হৈছিল আৰু বাংলাদেশৰ পৰা বাহিৰ কৰি দিয়া হৈছিল লগতে ৯০ হাজাৰ সৈনিকক আত্মসমৰ্পনৰ বাবে বাধ্য কৰোৱা হৈছিল । যাৰ বাবে ভাৰত আৰু বাংলাদেশে যুদ্ধৰ সোণালী জয়ন্তী উদযাপন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

লগতে পঢ়ক:পুনৰ সকলো পক্ষৰ দৃষ্টি নিৱদ্ধ হৈছে নেপালৰ ওপৰত

For All Latest Updates

ABOUT THE AUTHOR

...view details