মিজোৰাম,28 এপ্ৰিল:24 এপ্ৰিলত মিজোৰামৰ লুঙলেই চহৰত সূত্ৰপাত হোৱা বনজুই জনবসতিপূৰ্ণ অঞ্চললৈ বিয়পি পৰাৰ লগে লগে 25 এপ্ৰিলত ৰাজ্য চৰকাৰে জুই নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় বায়ু সেনা (আইএএফ) ক সহায়ৰ বাবে আহ্বান জনায় ৷ মিজোৰাম চৰকাৰৰ আহ্বানমৰ্মে আইএএফে বাম্বি বাকেটৰে সজ্জিত দুখন এমআই-17ভি5 হেলিকপ্টাৰ অগ্নি নিৰ্বাপনৰ বাবে মোতায়েন কৰিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ'ৰামথংগাৰ পৰা সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই সংকটৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহযোগিতাৰো আশ্বাস প্ৰদান কৰে ৷