অসম

assam

ETV Bharat / bharat

২০২২ৰ ভিতৰত ভাৰতীয় বায়ু সেনা(IAF)ত অন্তৰ্ভুক্ত হ'ব ৩৬ খন ৰাফেল যুঁজাৰু বিমান

ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৩৬ খন ৰাফেল(Rafale) যুঁজাৰু বিমান ২০২২ চনৰ ভিতৰত ভাৰতীয় বায়ু সেনা বাহিনী(Indian Air Force)ত অন্তৰ্ভুক্ত কৰা হ'ব । শনিবাৰে ডুণ্ডিগালস্থিত বায়ু সেনা একাডেমীত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি এই মন্তব্য কৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়াই ।

By

Published : Jun 19, 2021, 2:31 PM IST

IAF Chief RKS Bhadauria's reaction on induction of Rafale aircraft into Indian Air Force
২০২২ৰ ভিতৰত ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হ'ব ৩৬ খন ৰাফেল যুঁজাৰু বিমান

নেশ্যনেল ডেস্ক, ১৯ জুন: শনিবাৰে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল সন্দৰ্ভত মতামত আগবঢ়ালে ভাৰতীয় বায়ু সেনা বাহিনীৰ মুৰব্বী আৰ কে এছ ভদৌৰিয়াই(RKS Bhadauria) । ২০২২ চনৰ ভিতৰত ৩৬ খন ৰাফেল যুঁজাৰু বিমান ভাৰতীয় বায়ু সেনা বাহিনী(Indian Air Force)ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

তেওঁ কয় যে, ভাৰতীয় বায়ু সেনা বাহিনী(Indian Air Force)ত ৰাফেলৰ অন্তৰ্ভুক্তিৰ বাবে ২০২২ চনলৈকে লক্ষ্য স্থিৰ কৰা হৈছে । ক'ভিডৰ বাবে সৃষ্টি হোৱা সমস্যাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও ফ্ৰান্সৰ পৰা নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰাফেল যুঁজাৰু বিমান ভাৰত আহি পাইছে বুলি তেওঁ মন্তব্য কৰে । শনিবাৰে ডুণ্ডিগালৰ বায়ু সেনা একাডেমী(Air Force Academy)ত "Combined Graduation Parade" পৰ্যালোচনা কৰাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে বায়ু সেনা বাহিনীৰ মুৰব্বীগৰাকীয়ে ।

উল্লেখ্য যে, ২০১৬ চনত ভাৰতে ফ্ৰান্সৰ সৈতে ৫৯ হাজাৰ কোটি টকা ব্যয়েৰে ৩৬ ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছিল । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh) যোৱা ফেব্ৰুৱাৰী মাহত কৈছিল যে, ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত আটাইকেইখন যুঁজাৰু বিমান ভাৰত পাবহি ।

ভাৰত-চীন সীমান্তৰ পূৱ লাডাখৰ পৰিস্থিতিৰ সন্দৰ্ভত আৰ কে এছ ভদৌৰিয়াই কয় যে, দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছে । তথাপিও ভাৰতৰ পক্ষৰ পৰা গ্ৰহণ কৰিবলগীয়া যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখ্য যে, যোৱা ২৭ মে'ত ফ্ৰান্সৰ পৰা ষষ্ঠ পৰ্যায়ত ৩ খন ৰাফেল বিমান ভাৰত আহি পাইছিল ।

ভাৰতীয় বায়ু সেনাই ফ্ৰান্সৰ পৰা বিচৰা বিমানৰ ভিতৰত বৰ্তমানলৈকে দুই-তৃতীয়াংশ লাভ কৰিছে । আনহাতে, যোৱা ২২ এপ্ৰিলত ফ্ৰান্সৰ মেৰিগনাক বিমানঘাটিৰ পৰা ৮,০০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি চাৰিখন ৰাফেল যুঁজাৰু বিমান লৈ পঞ্চম দলটো ভাৰতত উপস্থিত হৈছিল ।

ভাৰতীয় বায়ু সেনাত ৰাফেলৰ সংযোজন প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন বুলি বিবেচিত হৈছে । দুটা ইঞ্জিনযুক্ত ৰাফেল বিমানবোৰে স্থল আৰু সামুদ্ৰিক আক্ৰমণ, বায়ু প্ৰতিৰক্ষা আৰু পাৰমাণৱিক আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে ।

লগতে পঢ়ক:চাৰণৰ গংগা নদীত ডুবিল নাও, কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ

ABOUT THE AUTHOR

...view details