নিউজ ডেস্ক, 9 মে’:দেশত কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশে সম্প্ৰতি ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ভাৰতত সৃষ্টি হোৱা এই সংকটৰ সময়ত এতিয়া ভাৰতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশ্বৰ বহু দেশ ৷ বিভিন্ন দেশে সম্প্ৰতি ভাৰতলৈ অক্সিজেনৰ লগতে অন্যান্য চিকিৎসা তথা সাহায্য সামগ্ৰী আগবঢ়াই আহিছে ৷ শনিবাৰেও ভাৰতীয় বায়ুসেনাৰ আই-এল-76 বিমানেৰে দুটাকৈ ক্ৰায়’জেনিক অক্সিজেন ভৰ্তি কন্টেইনাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্তাৰ পৰা কঢ়িয়াই আনি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অৱতৰণ কৰে ৷
ইণ্ডোনেছিয়াৰ পৰা ভাৰতলৈ পালেহি ক্ৰায়’জেনিক অক্সিজেন কন্টেইনাৰ - ক’ভিড-19
ভাৰতত সৃষ্টি হোৱা এই সংকটৰ সময়ত এতিয়া ভাৰতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশ্বৰ বহু দেশ ৷ বিভিন্ন দেশে সম্প্ৰতি ভাৰতলৈ অক্সিজেনৰ লগতে অন্যান্য চিকিৎসা তথা সাহাৰ্ষ সামগ্ৰী আগবঢ়াই আহিছে ৷ ভাৰতীয় বায়ুসেনাৰ আই-এল-76 বিমানেৰে শনিবাৰে দুটাকৈ ক্ৰায়’জেনিক অক্সিজেন ভৰ্তি কন্টেইনাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্তাৰ পৰা কঢ়িয়াই আনি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অৱতৰণ কৰে ৷
![ইণ্ডোনেছিয়াৰ পৰা ভাৰতলৈ পালেহি ক্ৰায়’জেনিক অক্সিজেন কন্টেইনাৰ IAF airlifts two cryogenic oxygen containers from Indonesia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11692958-540-11692958-1620537446358.jpg)
ভাৰতত, চি-17-এ হিন্দনৰ পৰা ভুৱনেশ্বৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ আৰু হায়দৰাবাদৰ পৰা ভুৱনেশ্বৰলৈ চাৰিটা ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ প্ৰেৰণ কৰে ৷ অন্যান্য চি-17-বোৰে নাগপুৰ আৰু পুনেৰ পৰা ভুৱনেশ্বৰ আৰু জামনগৰলৈ আঠটা ক্ৰায়'জেনিক অক্সিজেন কন্টেইনাৰ, বিজয়ৱাড়াৰ পৰা ভুৱনেশ্বৰলৈ ছয়টা, চণ্ডীগড়ৰ পৰা ৰাঁচীলৈ চাৰিটা, আগ্ৰা আৰু লক্ষ্ণৌৰ পৰা জামনগৰ আৰু ৰাঁচীলৈ পাঁচটা আৰু গোৱালিয়ৰৰ পৰা ৰাঁচীলৈ পাঁচটা অক্সিজেন কন্টেইনাৰ কঢ়িয়াইছে । উল্লেখ্য যে, ইতিপূৰ্বে ভাৰতীয় বায়ুসেনাৰ এখন চি-১৭ বিমানে পুনেৰ পৰা জামনগৰলৈ দুখন অক্সিজেন টেংকাৰো কঢ়িয়াই লৈ গৈছিল ।
লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?