অসম

assam

ETV Bharat / bharat

বায়ুসেনাৰ বিমানেৰে ভাৰতলৈ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ প্ৰেৰণ

দেশত অক্সিজেনৰ বিতৰণ ত্বৰান্বিত কৰিবলৈ ডুবাই আৰু ছিংগাপুৰৰ পৰা ক্ৰায়'জেনিক অক্সিজেনৰ ৯ টা কণ্টেইনাৰ বিমানযোগে ভাৰতলৈ আনিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে । আটাইকেইটা কণ্টেইনাৰ পশ্চিমবংগৰ পানাগড় বিমান ঘাটিলৈ প্ৰেৰণ কৰা হৈছে । বুধবাৰে এক চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে ।

বায়ু সেনাৰ বিমানেৰে ভাৰতলৈ অনা হৈছে ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ
বায়ু সেনাৰ বিমানেৰে ভাৰতলৈ অনা হৈছে ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ

By

Published : Apr 28, 2021, 1:58 PM IST

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: ডুবাই আৰু ছিংগাপুৰৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীয়ে ক্ৰায়'জেনিক অক্সিজেনৰ ৯ টা কণ্টেইনাৰ বিমানযোগে পশ্চিমবংগৰ পানাগড় বিমান ঘাটিলৈ আনিছে । বুধবাৰে এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা মতে, ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানেৰে ডুবাইৰ পৰা পানাগড় বিমান ঘাটিলৈ ৬টা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ প্ৰেৰণ কৰা হৈছে ।

লগতে চি-১৭ বিমানেৰে ছিংগাপুৰৰ পৰা পানাগড় বিমান ঘাটিলৈ তিনিটা অক্সিজেন কণ্টেইনাৰ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উপৰিও মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানেৰে ইন্দোৰৰ পৰা জামনগৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ, যোধপুৰ আৰু উদয়পুৰৰ পৰা জামনগৰলৈ দুটা অক্সিজেন কণ্টেইনাৰ আৰু দুটা অক্সিজেন কণ্টেইনাৰ হিন্দনৰ পৰা ৰাঁচীলৈ প্ৰেৰণ কৰিছে ।

ভাৰতীয় বায়ু সেনাই হায়দৰাবাদৰ পৰা ভূৱনেশ্বৰলৈ ৮টা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ, ভূপালৰ পৰা ৰাঁচীলৈ দুটা আৰু চণ্ডিগড়ৰ পৰা ৰাঁচীলৈ দুটা কণ্টেইনাৰ বিমানযোগে প্ৰেৰণ কৰে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে । বৰ্তমান সমগ্ৰ ভাৰতে কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে । কেইবাখনো ৰাজ্যৰ চিকিৎসালয়ত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসা অক্সিজেন আৰু বিচনাৰ অভাৱ হোৱা দেখা গৈছে ।

ভাৰতীয় বায়ু সেনাই ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা চিকিৎসা অক্সিজেনৰ বিতৰণ ত্বৰান্বিত কৰিবলৈ দেশৰ বিভিন্ন ফিলিং ষ্টেচনলৈ খালী অক্সিজেন টেংকাৰ আৰু কণ্টেইনাৰবোৰ বিমানেৰে লৈ কঢ়িয়াই নি সহায় আগবঢ়াইছে ।

লগতে পঢ়ক: সান্ধ্য আইন উলংঘা কৰাৰ অভিযোগত চীল হ’ল বিবাহ ভৱন

ABOUT THE AUTHOR

...view details