অসম

assam

ETV Bharat / bharat

Rahul Gandhi at Cambridge University : মোৰ ফোন পেগাচাছৰ জৰিয়তে নিৰীক্ষণত ৰখা হৈছিল ; ৰাহুল গান্ধী

লণ্ডনৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বক্তৃতা প্ৰদান কৰি কয় যে বিজেপি চৰকাৰৰ নেতৃত্বত ভাৰতৰ মূল গণতান্ত্ৰিক গাঁথনিসমূহৰ ওপৰত আক্ৰমণ চলিছে (Rahul Gandhi slams BJP govt)। তেওঁৰ ফোনত থকা পেগাচাছ স্পাইৱেৰক লৈও গুৰুত্বপূৰ্ণ মন্তব্য গান্ধীৰ ।

By

Published : Mar 3, 2023, 11:53 AM IST

Rahul Gandhi at Cambridge University
মোৰ ফোন পেগাচাছৰ জৰিয়তে নিৰীক্ষণত ৰখা হৈছিল

নেশ্যনেল ডেস্ক,৩ মাৰ্চ :ভাৰতত গণতন্ত্ৰৰ ওপৰত চলি থকা আক্ৰমণক পুনৰ উদ্বেগ প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi on Indian democracy)। এইবাৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰি এই বিষয়ক লৈ সৰৱ হৈ পৰে নেতাগৰাকী । পেগাচাছ প্ৰসংগ উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ লগতে বহু ৰাজনৈতিক নেতাক ফোনত পেগাচাছ স্পাইৱেৰৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণত ৰখা হৈছিল (Rahul Gandhi on Pegasus)। ৰাহুল গান্ধীয়ে উল্লেখ কৰা মতে এগৰাকী চোৰাংচোৱা বিষয়াই তেওঁক সতৰ্ক কৰি কৈছিল যে তেওঁলোকে সঁজুলিবোৰ ৰেকৰ্ডিং কৰি আছে ।

ৰাহুল গান্ধীৰ মতে তেওঁৰ ফোনত পেগাচাছ আছিল । ৰাহুল গান্ধীক চোৰাংচোৱা বিষয়াসকলে ফোন কৰি কৈছিল যে অনুগ্ৰহ কৰি তেওঁ ফোনত কি কয় তাৰ প্ৰতি সাৱধান হ'ব কিয়নো তেওঁলোকে ফোনবোৰ ৰেকৰ্ডিং কৰি আছে (Pegasus issue)।

বিৰোধী নেতাসকলৰ নিৰৱচ্ছিন্ন নিৰীক্ষণৰ ইংগিত দি ৰাহুল গান্ধীয়ে কয় যে ইয়াৰ ফলস্বৰূপে তেওঁলোক নিৰন্তৰ চাপত আছিল । ইয়াৰ দ্বাৰা বিৰোধীৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে । সেই ধৰণৰ বিষয়ক লৈও ৰাহুল গান্ধীৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে যিবোৰ অপৰাধৰ শাৰীত নপৰে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ (AICC) প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ জজ্ বিজনেছ স্কুলত 'Learning to listen in the 21st Century' বিষয়ত এক বক্তৃতা প্ৰদান কৰে । গান্ধী পৰিয়ালৰ সদস্য ৰাহুলে আনকি এই বক্তৃতা অনুষ্ঠানত বিশ্ব গণতন্ত্ৰ, তেওঁৰ শেহতীয়া ভাৰত জোড়ো যাত্ৰা আদিকে ধৰি বিস্তৃত বিষয়সমূহৰ ওপৰতো মন্তব্য কৰে (Rahul Gandhi at Cambridge University)।

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে যেতিয়া সংবাদ মাধ্যমকে ধৰি গণতান্ত্ৰিক স্থাপত্যৰ সকলো উপাদানৰ ওপৰত এই ধৰণৰ আক্ৰমণ চলি আছিল তেতিয়া বিৰোধী হিচাপে মানুহৰ সৈতে যোগাযোগ কৰাটো অতি কঠিন আছিল । তেওঁ লগতে কয় যে ভাৰতত বিজেপি চৰকাৰৰ অধীনত ন্যায়পালিকাও আক্ৰমণৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :Adani vs Hindenburg clash: হিণ্ডেনবাৰ্গ পত্ৰৰ অভিযোগ নিৰীক্ষণৰ বাবে 6 জনীয়া তদন্ত সমিতি গঠন

ABOUT THE AUTHOR

...view details