নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল:ক্ৰিকেট জুৱা নতুন কথা নহয় (Cricket betting in India)। বিশেষকৈ বিগত চাৰি দশকত এই ক্ৰিকেট জুৱাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । প্ৰায়ভাগ দেশতেই এই জুৱাৰ পয়োভৰ ঘটিছে । ইতিমধ্য়ে এই জুৱাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে নৱ প্ৰজন্ম । এই ক্ৰিকেট জুৱাৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা এজন লোকৰ এক কাহিনী শেহতীয়াকৈ পোহলৈ আহিছে ।
হায়দৰাবাদৰ অশোক ৰেড্ডী নামৰ লোকজনে বিগত ১২ বছৰত হেৰুৱালে ১০০ কোটি টকা (cricket betting in Hyderabad)। কিন্তু এই লোকজনে ইমান ধন হেৰুৱালেও তেওঁৰ মনৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । কেইবাবছৰ আত্মগোপন কৰি থকাৰ পিচত আৰক্ষীয়ে শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা এই জুৱাৰীজনে আৰক্ষীৰ আগত তেওঁৰ এই কাহিনীৰ বিষয়ে অকপটে স্বীকাৰ কৰিছে (cricket betting addiction) ।
ক্ৰিকেট জুৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈ তেওঁ আৰক্ষীক এই বিষয়ে উল্লেখ কৰি কয় যে হায়দৰাবাদ চহৰখনত বৃহৎ পৰিমাণৰ জুৱা চলি আছে । তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত এই জুৱা চলাই থকা দুজন উপ বুকি আৰু এজন সংগ্ৰহ এজেণ্টক এলবি নগৰ এছডব্লিউওটি আৰক্ষীয়ে আটক কৰে (LB Nagar SWOT police)। ৰাচাকোন্দা কমিশনাৰ ডি এছ চৌহানে এই প্ৰসংগত কয় যে এজন ব্যক্তি ক্ৰিকেট জুৱাত অভ্যস্ত হৈ পৰে আৰু ১২ বছৰত ১০০ কোটি টকা হেৰুৱায় । তেওঁৰ এই জুৱা ধেমালিৰ মাজেৰেই আৰম্ভ হয় যদিও পিচত আসক্ত হয় ।